জোনমণি কাণ্ডঃ নগাঁও সদৰ থানাৰ সদ্য অপসাৰিত ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বন

নগাঁও সদৰ থানাৰ সদ্য অপসাৰিত ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীৰ বিৰুদ্ধে অৱশেষত কঠোৰ হ'ল অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং।

author-image
Asomiya Pratidin
New Update
জোনমণি কাণ্ডঃ নগাঁও সদৰ থানাৰ সদ্য অপসাৰিত ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বন

ডিজিটেল ডেস্কঃ নগাঁও সদৰ থানাৰ সদ্য অপসাৰিত ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীৰ বিৰুদ্ধে অৱশেষত কঠোৰ হ'ল অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং। জোনমণিৰ কাণ্ডৰে নাম সাঙোৰ খোৱা ৰাজবংশীক নগাঁও সদৰ থানাৰ পৰা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলকভাৱে বদলি কৰাৰ পাছত বুধবাৰে বিতৰ্কিত আৰক্ষী বিষয়া গৰাকীক নিলম্বনৰ নিৰ্দেশ জাৰি কৰে আৰক্ষীৰ মুখ্য কাৰ্যালয়ে।

Advertisment

উল্লেখ্য যে, লখিমপুৰত নকল সোণৰ চোৰাং ব্যৱসায়ীক ধৰিবলৈ যোৱা জোনমণি ৰাভাই আজগৰ আলী নামৰ অপৰাধী জনৰ পৰা তেওঁক মুক্তি দিয়াৰ বিনিময়ত ৬ লাখ টকাৰ উৎকোচ লৈছিল। সেই ধনৰ ভাগ আৰক্ষীৰ আন বিষয়াৰ লগতে জোনমণি ৰাভাই নগাঁও সদৰ থানাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত বিষয়া ৰাজবংশীকো দিয়া বুলি অভিযোগ উত্থাপন হৈছিল।

'অসমীয়া প্ৰতিদিন ডিজিটেল'ত সেই সন্দৰ্ভত চিআইডিৰ তদন্তত পোহৰলৈ অহা এক তথ্যৰ ভিত্তিত এই সম্পৰ্কীয় এক বাতৰিও প্ৰচাৰ হৈছিল। সেই অভিযোগৰ ভিত্তিতেই মনোজ ৰাজবংশী নামৰ আৰক্ষী বিষয়াগৰাকীক হেড কোৱাৰ্টাৰ ক্লজ কৰাৰ পাছত নিলম্বন কৰা হৈছে বুলি অনুমান কৰা হৈছে।

Also Read: নিযুক্তি পত্ৰ বিতৰণৰ লগে লগেই অভাৰলেপিঙৰ ৱেটিং লিষ্ট প্ৰকাশৰ দাবী এজেপিৰ

gp singh junmoni rabha Assam police