/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-18.jpg)
ডিজিটেল সংবাদ ৰূপহীহাট: ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত জিউমাৰী বজাৰত দেওবাৰে গধুলি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ জানিব পৰা মতে জিউমাৰী বজাৰত এগৰাকী আৰক্ষী জোৱানে এগৰাকী ১০ বছৰীয়া শিশুক প্ৰহাৰ কৰি গুৰুতৰ ভাৱে আহত কৰাৰ বাবেই সৃষ্টি হয় এই উত্তপ্তময় পৰিস্থিতিৰ ৷
আৰক্ষীৰ প্ৰহাৰত আহত শিশুটিক ৰাইজৰ তৎপৰাত ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷আৰক্ষীৰ প্ৰহাৰত শিশুটিৰ মূৰ ফালি যোৱাত তেজ বৈ আহাৰ পিছতে স্থানীয় ৰাইজ উত্তেজিত হৈ অসম পুলিচ হাই হাই,অসম পুলিচৰ বৰ্বৰতা অৱসান ঘটাওক ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে ৷
জানিব পৰা মতে আৰক্ষীয়ে জিউমাৰী বজাৰত হেলমেট, লাইচেঞ্জ আদি পৰীক্ষা কৰি থকা সময়তে শিশুটোৱে পুলিচৰ আগেদি দৌৰ মাৰিছিল তেনে সময়তে পুলিচে শিশুটোক প্ৰহাৰ কৰে ৷ইয়াকে লৈ জিউমাৰী অঞ্চলত চেপা উত্তেজনাই বিৰাজ কৰিছে৷