কৃষ্ণাইৰ কাছুমাৰীত আৰক্ষী-চি আৰ পি এফৰ অভিযান

অভিযানত বৃহৎ সংখ্যক ফেণ্সিডিলসহ দুখন বাহনকে ধৰি অবৈধ ব্যৱসায়ীৰ সৈতে জৰিত ৩জন লোকক গ্ৰেপ্তাৰ

author-image
Asomiya Pratidin
New Update
কৃষ্ণাইৰ কাছুমাৰীত আৰক্ষী-চি আৰ পি এফৰ অভিযান

ডিজিটেল সংবাদ,কৃষ্ণাই : গোৱালপাৰা জিলাৰ কৃষ্ণাই থানাৰ অন্তৰ্গত কাছুমাৰীত দেওবাৰে আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায়। অভিযানত বৃহৎ সংখ্যক ফেণ্সিডিলসহ দুখন বাহনকে ধৰি অবৈধ ব্যৱসায়ীৰ সৈতে জৰিত ৩জন লোকক গ্ৰেপ্তাৰ কৰে।

Advertisment

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৩জনৰ দুজন ডেকধোঁৱাৰ ক্ৰমে ছহিদুল ইছলাম(৩৫) আৰু আব্দুৰ ৰশ্বিদ(৪৫)আৰু আনজন হ’ল বলদমাৰী চৰৰ বছিৰুদ্দিন বুলি জানিব পৰা গৈছে। জানিব পৰামতে আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি কৃষ্ণাইৰ পাইনৰ পৰা তুৰা লৈ যোৱা ২১৭ নং ৰাষ্ট্ৰীয় পথত পুৱাৰে পৰাই কেইবাটাও ঠাইত অস্থায়ী তালাচি চলোৱাৰ অন্তত কাছুমাৰিত তালাচি অভিযান চলাই আৰক্ষীয়ে এ এছ ১৮এ চি-২২৪৪ নম্বৰৰ বলেৰ’ পিক-আপ আৰু এ এছ ১৮ জি-৪৮৮৮ নম্বৰৰ ডেচিয়াৰৰ পৰা বৃহৎ সংখ্যক নিচাজাতীয় কফ ছিৰাপ ফেণ্সিডিল উদ্ধাৰ কৰে।

বলেৰ’ পিক-আপখনত চিমেণ্ট আৰু টিনপাটৰ মাজত অতি গোপনে কফ ছিৰাপখিনি লৈ আহিছিল। আৰক্ষীয়ে উদ্ধাৰ কৰা ৫,০৭৫ টা ফেণ্সিডিলৰ বটলসহ বাহন দুখনক জব্দ কৰাৰ লগতে এই অবৈধ কাৰ্যত জৰিত ৩জন লোকক গ্ৰেপ্তাৰ কৰে।

জব্দ কৰা এই কফ ছিৰাপখিনিৰ বজাৰ মূল্য প্ৰায় ২০-২৫ লাখ টকা হ’ব বুলি আক্ষীয়ে জনায়। এই নিচাজাতীয় কফ ছিৰাপখিনি তুৰাত লৈ গৈ আছিল বুলিও আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

এই অভিযান এছ সুভাদৰ্শনী (আই পি এছ, প্ৰবেচনাৰ),কৃষ্ণাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, কুকুৰকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া,চি আৰ পি এফৰ জোৱানকে ধৰি আৰক্ষীৰ দল এটাই অংশগ্ৰহণ কৰিছিল।

Also Read: ২০০০ টকীয়া নোট সলনি কৰিবলৈ নালাগে কোনো প্ৰ-পত্ৰ

Assam police crime