স্বাধীনতাৰ দিৱস উপলক্ষে আৰক্ষীৰ তালাচী অভিযান…

স্বাধীনতাৰ দিৱস উপলক্ষে আৰক্ষীৰ তালাচী অভিযান…

author-image
asomiyapratidin
New Update
স্বাধীনতাৰ দিৱস উপলক্ষে আৰক্ষীৰ তালাচী অভিযান…

মঙলদৈ, ডিজিটেল সংবাদ : সমাগত স্বাধীনতা দিৱস ৷স্বাধীনতা দিৱসৰ প্ৰাকক্ষনত সষ্টম হৈ উঠিছে দৰঙ আৰক্ষী প্ৰশাসন ৷ দৰঙৰ প্ৰৱেশ দ্বাৰ সমুহত নাকা তালাচী বহুৱাই কূটঘাট মুলক কাৰ্য ৰোধৰ বাবে আৰক্ষীয়ে তন্ন তন্ন কৈ চাৰিচকীয়া আৰু দুচকীয়া বাহন সমুহ তালাচী চলাইছে ৷
উল্লেখ্য যে, দেশৰ স্বাধীনতা দিৱসৰ ৭৫তম বৰ্ষপূতি উপলক্ষ্যে ভাৰত চৰকাৰে আগন্তুক ১৩,১৪ আৰু ১৫ আগষ্টত তিনিদিনীয়াকৈ স্বাধীনতা দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ আহ্বান জনোৱাৰ সময়তে কুতাঘাটকাৰীয়ে যাতে কোনোধৰনৰ কুতাঘাট সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি গুৰুত্ব দি দৰং আৰক্ষী প্ৰশাসনে বিভিন্ন ঠাইত তালাচী অভিযান অব্যাহত ৰাখিছে ।
এই সন্দৰ্ভত, মঙলদৈ আৰক্ষী প্ৰশাসনে মন্তব্য প্ৰদান কৰে যে, আগন্তুক স্বাধীনতা দিৱসৰ এই কাৰ্যসূচী কোনো কূটাঘাতমূলক দূৰ্ঘটনা সংঘটিত নোহোৱাকৈ অনুষ্ঠিত কৰিব পৰা যাব বুলি তেওঁলোক আশাবাদী ।

Advertisment

আৰু পঢ়ক : ৫৮ কোটি নগদ ধন, ৫৮ কেজি সোণসহ ৩৯০ কোটি টকাৰ সম্পত্তি জব্দ…

darang independence day Assam police