ৰাজ্যৰ ১৩ আৰক্ষী বিষয়া, কণিষ্টবললৈ স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ আৰক্ষী সন্মান…

ৰাজ্যৰ ১৩ আৰক্ষী বিষয়া, কণিষ্টবললৈ স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ আৰক্ষী সন্মান…

author-image
asomiyapratidin
New Update
ৰাজ্যৰ ১৩ আৰক্ষী বিষয়া, কণিষ্টবললৈ স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ আৰক্ষী সন্মান…

ডিজিটেল ডেস্ক : ৰাষ্ট্ৰপতিৰ দ্বাৰা ঘোষিত স্বাধীনতা দিৱসত আৰক্ষী বিষয়াক প্ৰদান কৰা বঁটা সমূহৰ ভিতৰত অসমৰ পৰা এই বঁটা পাবলৈ সক্ষম হোৱা আৰক্ষী বিষয়াসকল হৈছে – আৰক্ষীৰ উপ আয়ুক্ত দিগন্ত কুমাৰ চৌধুৰী (গুৱাহাটী), এ.পি.আৰ.অ' উলুবাৰীৰ আৰক্ষী অধীক্ষক (কামাণ্ডো) বিৰাজ দাস (গুৱাহাটী), মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ উপ-আৰক্ষী অধীক্ষক অমৃত চন্দ্ৰ কলিতা (গুৱাহাটী), তিনিচুকীয়াৰ পৰিদৰ্শক অসীম বৰা (ইউ বি), চি আই ডিৰ পৰিদৰ্শক জয়ন্ত কুমাৰ বৰ্মন।

চি আই ডিৰ সহকাৰী উপ-পৰিদৰ্শক (ইউ বি) দেবেন্দ্ৰ নাথ দাস, প্ৰথম এ পি টি এফ বেটেলিয়ানৰ লেঞ্চ নায়ক পূৰ্ণ চন্দ্ৰ দাস, কাৰ্বি আংলঙৰ লেঞ্চ নায়ক কমল ছেত্ৰী, নৱম অসম আৰক্ষী বেটেলিয়ানৰ লেঞ্চ নায়ক খগেশ্বৰ নাথ, নৱম অসম আৰক্ষী বেটেলিয়ান বঢ়মপুৰৰ দিপক ভূঞা, বাক্সা আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ কণিষ্টবল (ইউ বি) দন্দধৰ ব্ৰহ্ম, নলবাৰী আৰক্ষী নিবেশৰ কণিষ্টবল (ইউ বি) ৰঞ্জিত শৰ্মা, তিনিচুকীয়াৰ পুলিচ ৰিজাৰ্ভৰ কণিষ্টবল জোনমণি কুৰ্মী আৰু চি আই ডিৰ মহিলা কণিষ্টবল দিপালী গগৈ।

আৰু পঢ়ক : স্বাধীনতা দিৱসত কোন মন্ত্ৰীয়ে ক'ত পতাকা উত্তোলন কৰিব…

assam himanta biswa sarma bjp Assam police