চুঙাজানত অসমীয়া লোকক আক্ৰমণ কৰা দুই নগা দুৰ্বৃত্তক আটক

আইনগত ব্যৱস্থা গ্ৰহন কৰিবলৈ সীমাঞ্চলটোৰ ৰাইজে দাবী তুলিছে

author-image
Asomiya Pratidin
New Update
চুঙাজানত অসমীয়া লোকক আক্ৰমণ কৰা দুই নগা দুৰ্বৃত্তক আটক

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ ধনশিৰি মহকুমা অসম-নগাৰাজ্যৰ চুঙাজানত ১৪ মাৰ্চৰ সন্ধিয়া ৰাম কুমাৰ ছেত্ৰী নামৰ এগৰাকী অসমৰ বাসিন্দাক আক্ৰমন কৰি গুৰুতৰভাৱে আহত কৰে দুৰ্বৃত্তই। জানিব পৰা মতে অসমৰ সীমান্ত দণ্ডাধীশ আৰু মহকুমাৰ আৰক্ষী বিষয়াৰ নিদ্দেৰ্শমৰ্মে আহত ৰাম কুমাৰৰ পত্নীয়ে নগালেণ্ডৰ নিউলেণ্ড আৰক্ষী থানাত দিয়া লিখিত অভিযোগ দাখিল কৰে।

Advertisment

সেই অনুসৰি আৰক্ষীয়ে উক্ত ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত আকিট' গাঁৱৰ বাসিন্দা কিট'কা কিবা(২৩) আৰু ট'কাপু ঝিম' (২৮) নগালোক দুজনক নগা আৰক্ষীয়ে আটক কৰে।

উল্লেখ্যযে স্থানীয় বিবাহ অনুষ্ঠান এটালৈ গৈ থকাৰ সময়ত উক্ত নগালোক দুজনে ৰাম কুমাৰ ছেত্ৰীক চুঙাজান নাওঘাটৰ ফটহো বস্তিত আগচি ধৰি নিৰ্দয়ভাৱে মাৰপিট কৰিছিল। কোনো কাৰণ নোহোৱাকৈ সন্ত্ৰাসৰ সৃষ্টি কৰা বুলি অভিযোগ উঠা নগালোক দুজনৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহন কৰিবলৈ সীমাঞ্চলটোৰ ৰাইজে দাবী তুলিছে।

Also Read: অৰুণাচল প্ৰদেশত হেলিকপ্টাৰ দুৰ্ঘটনাত বায়ুসেনাৰ দুই পাইলট নিহত

crime police