ক্ষুদ্ৰ পলহাৰ পলাতক স্বামী জাহিদ চৌধুৰীক আটক

বিবাহৰ এবছৰ সম্পূৰ্ণ নৌহওঁতেই মৃত অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই স্থানীয় লোকৰ লগতে পিতৃ পৰিয়ালৰ লোকৰ মনতো বিভিন্ন সন্দেহ

author-image
Asomiya Pratidin
New Update
ক্ষুদ্ৰ পলহাৰ পলাতক স্বামী জাহিদ চৌধুৰীক আটক

পলাতক জাহিদ চৌধুৰী

ডিজিটেল সংবাদ, দুমুনিচকী : বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত ক্ষুদ্ৰ পলহাত যোৱা ১২ মাৰ্চত নিশা মৃত অৱস্থাত উদ্ধাৰ হোৱা ডিব্ৰুগড়ৰ‌ খাতিজা নিছা নামৰ মহিলা গৰাকীৰ স্বামী জাহিদ চৌধুৰী ওৰফে চাহাবক শুকুৰবাৰে বাইহাটা চাৰিআলি আৰক্ষীয়ে আটক কৰে। আজি দিনৰ ভাগত আটক কৰা জাহিদক বাইহাটা চাৰিআলি আৰক্ষীয়ে ৰঙিয়া আদালতত হাজিৰ কৰায় ৭ দিনৰ বাবে ন্যায়িক জিম্মাত বিচাৰে।

আদালতে আৰক্ষীৰ আবেদন মঞ্জুৰ কৰি ৭ দিনৰ বাবে আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰে। উল্লেখ্য যে যোৱা ১২ মাৰ্চত নিশা প্ৰায় ৮-৩০ বজাত ক্ষুদ্ৰ পলহা গাঁৱত ভাৰাতীয় হিচাপে থকা এটা বাসগৃহৰ পৰা ডিঙিত চিপ লোৱা অৱস্থাত খাতিজাৰ মৃতদেহ উদ্ধাৰ হয়।

পিছত মহিলাগৰাকীৰ পিতৃ গৃহ ডিব্ৰুগড় জিলাৰ লাহোৱা আৰক্ষী থানাৰ অন্তৰ্গত বকুল মাজগাঁৱলৈ লৈ যোৱা হয়। কামৰূপ জিলাৰ চাংসাৰী আৰক্ষী থানাৰ অন্তৰ্গত দেউদুৱাৰ নিবাসী জাহিদ চৌধুৰী ওৰফে চাহাবৰ সৈতে খাতিজা নিছা নামৰ যুৱতীগৰাকীৰ যোৱা বৰ্ষৰ ২৮ এপ্ৰিল ২০২২ত ৭৫ হাজাৰ টকা দেনমোহৰ ধাৰ্য্য কৰি নাকাহ সম্পন্ন কৰে।

প্ৰথম পত্নী থকাৰ পিছতো খাতিজাক দ্বিতীয় পত্নী হিচাপে নিকাহ সম্পন্ন কৰি দুয়ো ভাৰাতীয় ঘৰত বাস কৰি আহিছিল। কিন্তু বিবাহৰ এবছৰ সম্পূৰ্ণ নৌহওঁতেই মৃত অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই স্থানীয় লোকৰ লগতে পিতৃ পৰিয়ালৰ লোকৰ মনতো বিভিন্ন সন্দেহৰ উদ্ৰেক ঘটাইছে।

খাতিজাক মৃত অৱস্থাত উদ্ধাৰ কৰা হোৱাৰ পিছৰ পৰাই স্বামী জাহিদ ওৰফে চাহাবে পলাতক অৱস্থাত আছিল। বাইহাটা চাৰিআলি আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছিল।   

Also Read: ঢকুৱাখনা গ্ৰামীণ জীৱিকা অভিযান : ৫ আত্মসহায়ক গোটক চেক প্ৰদান

crime Assam police