কাছাৰত ৮ টা ম্যানমাৰৰ চোৰাং গো-ধন জব্দ

author-image
Asomiya Pratidin
New Update
কাছাৰত ৮ টা ম্যানমাৰৰ চোৰাং গো-ধন জব্দ

ডিজিটেল সংবাদ, শিলচৰ : বাৰ্মিজ চুপাৰী আৰু চিগাৰেটৰ পিচত বৰাকত এইবাৰ বাৰ্মিজ গো-ধনৰ চোৰাং ব্যৱসায় ৷ কাছাৰ জিলাক নিৰাপদ কৰিড'ৰ হিচাপে ব্যৱহাৰ কৰি সুদুৰ ম্যানমাৰৰ পৰা মিজোৰামৰ মাজেৰে বাংলাদেশলৈ  গো-ধন সৰবৰাহ চোৰাং ব্যৱসায়ীৰ ৷

Advertisment

মিজোৰাম সীমান্তত থকা  লাইলাপুৰ আৰক্ষীৰ ভয়ত ভিতৰুৱা পথেৰে বাংলাদেশলৈ সৰবৰাহ কৰা সময়ত ধলাই আৰক্ষীয়ে জব্দ কৰে প্ৰকাণ্ড আকাৰৰ ৮ টাকৈ চোৰাং বাৰ্মিজ বলধ গো-ধন৷ গোপন তথ্যৰ ভিত্তিত ধলাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ বৰুৱাৰ নেত়ত্বত আৰক্ষীৰ দল এটাই থেদি খেদি গো-ধন ভৰ্তি ট্ৰাকখন পুঠিখাল এলেকাত জব্দ কৰে ৷

AS-11CC-8707 নম্বৰৰ মিনি ট্ৰাকৰ পৰা জব্দ কৰা গো-ধন কেইটা ৷ মিজোৰামৰ ছাইফাইপৃৰ পৰা অনা হৈছিল ৷ গো-ধন কেইটা গোপনে বাংলাদেশলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল চোৰাং ব্যৱসায়ীয়ে ৷ জব্দ কৰা গো-ধনৰ মুল্য প্ৰায় ২৫ লাখ টকা বুলি অনুমান কৰা হৈছে ৷ গো-ধনৰ সৈতে এজন সৰবৰাহকাৰীক আটক ৷ ধৃত লোকজন ধলাই ৰাজঘাটৰ কমৰুল ইছলাম৷ বৰ্তমান ধৃত লোক জনক জেৰা অব্যাহত ৰাখিছে ধলাই আৰক্ষীয়ে৷

Silchar cow smugglers assam