কবি ৰূপালী বসুমতাৰীৰ কাব্য সংকলন উন্মোচনৰ আয়োজন

কবি ৰূপালী বসুমতাৰীৰ কাব্য সংকলন উন্মোচনৰ আয়োজন

ডিজিটেল সংবাদ,হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ হাওৰাঘাট অঞ্চলৰ গৰখীয়া পুখুৰী গাৱঁৰ বাসিন্দা কবি ৰূপালী বসুমতাৰীৰ 'বৰষুণৰ টোপালবোৰে আজিও আমনি কৰে' শীৰ্ষক দ্বিতীয়খন কাব্যগ্ৰন্থ অহা ২৭ ডিচেম্বৰত ডিফুৰ লুৰুলাংছস্থিত ৰাংছিনা চাৰপ'ত সাংস্কৃতিক ভৱনত উন্মোচনৰ দিহা কৰা হৈছে। সদৌ অসম কবি সন্মিলনৰ কাৰ্বি আংলং জিলাৰ সাধাৰণ সম্পাদক তথা সাহিত্যিক ভৱপ্ৰসাদ দেউৰীয়ে 'বৰষুণৰ টোপালবোৰে আজিও আমনি কৰে' শীৰ্ষক কাব্য সংকলনখনৰ শুভেচ্ছাবাণী দিয়ে।

শুভেচ্ছাবাণীত উল্লেখ কৰে- "কবি ৰূপালী বসুমতাৰীৰ জীৱনৰ সফলতাৰ মূলতে হৈছে কঠোৰ পৰিশ্ৰম, আত্মবিশ্বাস, একাগ্ৰতা আৰু ব্যক্তিত্বৰ উত্তৰণ। বৈবাহিক সূত্ৰে তেওঁ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট তিনিআলিৰ সমীপৰ গৰখীয়া পুখুৰীৰ স্থায়ী বাসিন্দা।

তেওঁ সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি থকা কালত এবাৰ সদৌ অসম ভিত্তিত আয়োজিত ৰচনা প্ৰতিযোগিতাত 'জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত শিক্ষাৰ ভূমিকা ' বিষয়ত মহকুমা ভিত্তিত ঠাইতে লিখি প্ৰথম স্থান অধিকাৰ কৰিছিল। ১৯৯৫ চনত ' পাহাৰীদূত' কাকতত জীৱনৰ প্ৰথমটো কবিতা প্ৰকাশ কৰি সাহিত্য চিন্তা-চৰ্চা কৰাৰ বাট মুকলি কৰিছিল।

১৯৯৭ চনত 'ধনশিৰি'কাকতত 'অসমৰ গাভৰু' শীৰ্ষক কবিতা প্ৰকাশ কৰি নিজৰ কাব্য-প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল। কবিতাৰ সম্পৰ্কত কবি স্পষ্টবাদী। তেওঁ নিজৰ ভাষাৰে এঠাইত এইদৰে কৈছে- ' কবিতা মোৰ প্ৰাণৰ সৰোবৰত ফুলি থকা শত শত শব্দ অনুভুতিৰ ফুল। কবিতা মোৰ আজীৱন সংগী, যাক ভাল পাওঁ মই অসম্ভৱভাৱে ; যি জীৱনৰ প্ৰতিটো মুহূৰ্তৰ সহচৰ।' তেওঁৰ নিৰলস সাহিত্য-চৰ্চা আৰু সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবেই ' কাব্য সৌৰভ বটাঁ-২০২৩ ' পাবলৈ সক্ষম হৈছে ।

কবিৰ সুস্থ আৰু কল্যাণমুখী চিন্তাৰ এয়া ফচল। এই ব্যতিক্ৰমী উদ্দেশ্য সিদ্ধিৰ দিশত নিশ্চিতভাৱে এইজনা কবিৰ যাত্ৰা সুগম হ'ব বুলি আমাৰ দৃঢ়-বিশ্বাস। গ্ৰন্থখনে আমাৰ পাঠক সমাজত সুদূৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব বুলি আশা কৰিলোঁ । কবিগৰাকীয়ে উল্লেখ কৰিছে যে- 'বৰষুণৰ টোপালবোৰে আজিও আমনি কৰে' - এয়া হৈছে তেওঁৰ দ্বিতীয়খন কাব্যগ্ৰন্থ।

এই কাব্যগ্ৰন্থখনত সন্নিৱিষ্ট কবিগৰাকীৰ প্ৰায়বোৰ কবিতাই বিভিন্ন বাতৰি কাকত, আলোচনী , স্মৃতিগ্ৰন্থ, ফেচবুক আদিত আগতে প্ৰকাশিত। কবিগৰাকীয়ে প্ৰকাশ কৰি কয় কবিতা মোৰ মনৰ আহাৰ আৰু মোৰ জীৱনৰ বৈচিত্ৰময় ভাব অনুভূতিৰ স্বত:স্ফূৰ্ত শব্দৰ বুৰবুৰণি। যেতিয়া মনৰ ভাব-অনুভুতিয়ে আৱেগ আৰু শব্দৰ সৈতে টোকৰ মাৰে তেতিয়াই শব্দৰ গাঁথনিৰে সজাব বিচাৰোঁ শব্দৰ অলংকাৰেৰে। তাতেই যদি কবিতা বুলি কয় তেন্তে অ' হয়, তেওঁ কবিতা লিখিছে। কিন্ত তাক পঢ়ুৱৈ সমাজে কিমান আদৰি ল'ব সেয়াহে লক্ষণীয়।"

সেয়েহে কবিগৰাকীয়ে তেওঁৰ 'বৰষুণৰ টোপালবোৰে আজিও আমনি কৰে' শীৰ্ষক কাব্যগ্ৰন্থখন পঢ়ুৱৈ সমাজলৈ আগবঢ়াবৰ বাবে অহা ২৭ ডিচেম্বৰত ডিফুৰ লুৰুলাংছস্থিত ৰাংছিনা চাৰপ' সাংস্কৃতিক ভৱনত দিনৰ ১১-০০ বজাত উন্মোচন কৰিব 'অস্তিত্বৰ সময়ৰ' বিশিষ্ট কবি বকলীয়াঘাটৰ লক্ষেশ্বৰ শৰ্মাই।

কবি ৰূপালী বসুমতাৰীৰ কাব্য সংকলন উন্মোচনৰ আয়োজন
মধুপুৰ মহোৎসৱ : নৰনাৰায়ণৰ সময়ৰ সাহিত্য, সংস্কৃতি সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in