“সাহিত্য জুহাল”ৰ আলোকচিত্ৰৰ অধাৰত ৰচিত কবিতা(০২)প্ৰতিযোগিতা সম্পন্ন…

“সাহিত্য জুহাল”ৰ আলোকচিত্ৰৰ অধাৰত ৰচিত কবিতা(০২)প্ৰতিযোগিতা সম্পন্ন…

author-image
asomiyapratidin
New Update
“সাহিত্য জুহাল”ৰ আলোকচিত্ৰৰ অধাৰত ৰচিত কবিতা(০২)প্ৰতিযোগিতা সম্পন্ন…

ডিজিটেল সংবাদ, উৰিয়ামঘাট: বৰ্তমান সময়ত সামাজিক মাধ্যম সমূহে সমাজৰ যোগাযোগ,আনন্দ বিনোদন,কলা-সংস্কৃতি,ভাষা-সাহিত্য ৰ্চচা, কোনো ঠাইৰ ঐতিহ্য আদিৰ ওপৰিও সমাজ পৰিবৰ্তনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰি আহিছে।

Advertisment

বিশেষকৈ সামাজিক মাধ্যম ফেচবুকৰ বিভিন্ন গোট সমূহে নিজৰ নিজৰ লক্ষ্য উদ্দেশ্য আগত ৰাখি আগবাঢ়ি যোৱাৰ পৰিলক্ষিত হয়। সাহিত্য চৰ্চাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহন কৰা এটা অন্যতম ফেচবুক গোট হৈছে "সাহিত্যৰ জুহাল"।

মুখ্য প্ৰশাসক হিচাপে সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° প্ৰনৱ ঢেকিয়াল ফুকন থকা ফেচবুকৰ গোট "সাহিত্য জুহালে" সাহিত্য ৰ্চচাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহন কৰি আহিছে। বহুতো ন-পুৰনি কবি-সাহিত্যিকে কবিতা-গল্প, বিশেষ লেখা আদিৰ যোগেদি সাহিত্য জুহাল জীপাল কৰি ৰাখিছে। সাহিত্য জুহালে শেহতীয়াকৈ অসমৰ বিভিন্ন প্ৰান্তৰ কবিৰ কবিতাৰে "জুহালৰ কবিতা" শীৰ্ষক কবিতা সংকলন প্ৰকাশ কৰে।

গোটতোৰ বিভিন্ন প্ৰতিযোগীতা সমুহৰ ভিতৰত উল্লেখযোগ্য প্ৰতিযোগিতা হৈছে আলোকচিত্ৰৰ অধাৰত ৰচিত কবিতা(২) লিখা প্ৰতিযোগিতা।শেহতীয়া হোৱা উক্ত প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও প্ৰতিযোগীয়ে অংশ গ্ৰহন কৰে।

উক্ত প্ৰতিযোগিতাৰ ফলাফল ঘোষনা কৰা হয়। পাঠকৰ দ্বাৰা বিবেচিত উক্ত প্ৰতিযোগিতাত প্ৰথম স্থান মুকুমনি দত্ত (গুৱাহাটী),দ্বিতীয় মহেশ বসুমতাৰী (গোলাঘাট,উৰিয়ামঘাট)তৃতীয় স্থান ৰশ্মিৰেখা ৰাজবংশী গগৈ(সৰুপথাৰ) আৰু সংযুক্তা দত্ত (গুৱাহাটী বিশ্ববিদ্যালয়)য়ে লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে পাহাৰী গগৈ(জখলাবন্ধা,নগাওঁ)মুখ্য প্ৰশাসকৰ বিবেচিত বঁটা লাভ কৰে।

আৰু পঢ়ক: বটদ্ৰৱা কাণ্ডৰ পাছতেই নগাঁৱৰ বিশেষ শাখাৰ ডি এছ পিক বদলি…

assam uriamghat