কবিতা ১৩১/ মই মানুহবোৰক ছাঁ দেখো

কবিতা ১৩১/ মই মানুহবোৰক ছাঁ দেখো

- জয়দীপ নাৰায়ণ দেব

দাতিত শুই থকা ছাঁবোৰ

উঠি গৈ নৈৰ পাৰত শিল হৈছিল,

জীয়া শিলবোৰ সীয়াৰ পাছত

ছাঁবোৰ নহা হ'ল।

ৰাতি ঢৌৱে কোবাই,

পুৱা ৰ'দে শুকাই,

ছাঁবোৰ নহা হ'ল ।

সাধুকথাৰ ডিঙিটো

গছৰ মূঢ়াঁত থৈ ঘপিয়াই দিছিল ছাঁটোৱে,

সাধুকথাৰ টুকুৰাবোৰো

সৰু সৰু সাধুকথা,

ছাঁটোৱে টুকুৰাবোৰ মূঢ়াঁটোত থৈ

আকৌ ঘপিয়াই দিছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in