/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/flood-p.jpg)
ডিজিটেল সংবাদ, মায়ং: মৰিগাঁও জিলাৰ বান পৰিস্থিতি আজিও জটিল অৱস্থাত আছে।এশিঙীয়া গঁড়ৰ বিচৰণ ভূমি পবিতৰা অভয়াৰণ্যৰ ৫০ শতাংশ অঞ্চল ব্ৰহ্মপুত্ৰৰ বানত জলমগ্ন হৈছে। অভয়াৰণ্য খনৰ ১৪ টা কৈ বন শিবিৰ বানৰ কবলত পৰিছে বুলি পবিতৰাৰ ডি এফ অ গৰাকীৰ পৰা জানিব পৰা গৈছে।
বন্যপ্ৰাণীৰ হাহাকাৰ লাগিছে যদিও নিলাপদ ঠাই বিচাৰি ওখ ঠাইলৈ ঢাপলি মেলিছে।বন্যপ্ৰাণীৰ অৱশ্যে কোনো ধৰণৰ ক্ষয় ক্ষতিৰ বাতৰি অহা নাই।আনপিনে খলাভূঞা বন শিবিৰত আজিও নৌকা যোগান ধৰা নাই।তিনি জন বনৰক্ষী তিনি দিন ধৰি কেম্পৰ ভিতৰতে থাকিব লগা হৈছে।কৰ্তব্য পালন কৰিব লৈ কতো ওলাই যাব নোৱাৰা অৱস্থা হৈ আছে।।তাৰোপৰি মায়ঙৰ ১৩১ খন ৰাজহ গাঁও বানত আক্ৰান্ত হৈছে। পাঁচটা মৌজাৰ অন্তৰ্গত বিস্তীৰ্ণ অঞ্চল প্লাবিত হোৱাত বহু ঠাইত বিপদসংকুল যাতায়ত কৰিব লগা হৈছে পৰীক্ষাৰ্থীৰ।
তুলুঙ ভুটুঙ হাত নাৱেৰে পৰীক্ষা দিব লৈ গৈছে কেইখন মান বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। ঠায়ে ঠায়ে পথ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে।শিলডুবিৰ ওচৰৰ কুছিয়ানিত বহুতৰে ঘৰৰ মুধচত লাগিছে ব্ৰহ্মপুত্ৰৰ পানী।ঘৰ এৰি ঢাপলি মেলিছে ৰাজ্যিক ঘাই পথলৈ।পথৰ ওপৰত বানাক্ৰান্ত ৰাইজে বানত ডুব যোৱা ধানৰ মাকৈ ৰদত শুকুৱাই থকাৰ ফলত গুৱাহাটীৰ পৰা মায়ঙৰ পথেৰে অহা যানবাহনৰ যথেষ্ট অসুবিধাও হৈছে।মুঠৰ ওপৰত এক অবৰ্ণনীয় পৰিবেশ বিৰাজ কৰিছে চৌদিশে।
আৰু পঢ়ক:গুৱাহাটীত উপস্থিত মহাৰাষ্ট্ৰৰ ৪০ বিসম্বাদী বিধায়ক, আদৰণি বিজেপিৰ…