/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/485da035-d9b8-4daa-a6d7-6095ec358cf1/rhino_poacher.jpg)
- কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানত বছৰৰ প্ৰথমটো গঁড় হত্যা। 
- গঁড় হত্যা কৰি খৰ্গ লৈ উধাও হ'ল চোৰাং চিকাৰী. 
- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ কাঠপৰা বন শিবিৰ এলেকাত সংঘটিত হৈছে এই ঘটনা। 
- চাৰি-পাঁচ দিন পূৰ্বে চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰি খৰ্গ লৈ উধাও হয় যদিও দেওবাৰে দিনৰ ভাগত বন বিভাগে খড়্গ বিহীন গঁড় ৰ মৃতদেহ উদ্ধাৰ কৰে । 
- বন বিভাগ, আৰক্ষীৰ শীৰ্ষ বিষয়া ৰাওনা হৈছে ঘটনাস্থলীত। 
- সমগ্ৰ তথ্য জানিবলৈ দিয়ে DFO ৰমেশ কুমাৰ গগৈয়ে। 
- পূৰ্বতে অৰ্থাৎ ২০২২ বৰ্ষৰ ২০ জানুৱাৰীত কহঁৰা বনাঞ্চলৰ শিলেখুন্দা বন শিবিৰত ঘটিছিল গঁড় হত্যাৰ ঘটনা ৷ 
- উল্লেখ যে, অহা ৬ এপ্ৰিল তাৰিখে কাজিৰঙালৈ আহিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু। 
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us