/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/chirang-23.jpg)
ডিজিটেল সংবাদ চিৰাং: পৰিবৰ্তন তথা দুৰ্নীতিমুক্ত বি টি আৰ গঢ়াৰ প্ৰতিশ্ৰুতিৰে বি টি চিৰ গাদী দখল কৰা প্ৰমোদ বড়োৰ বি টি আৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত জালিয়াতি আৰু দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে । এই দুৰ্নীতি সংঘটিত কোকৰাঝাৰ জিলাৰ তিতাগুৰী উন্নয়নখণ্ডৰ অধীনস্থ আই ভাণ্ডাৰাণী ভি চি ডি চিৰ অন্তৰ্গত ১ নং নয়াছৰা গাঁৱত ।
২০২১-২২ বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ১ নং নয়াছৰা গাঁৱত ২৫ গৰাকী হিতাধিকাৰীৰ নামত গৃহ আবণ্টিত হৈছিল কিন্তু আই ভাণ্ডাৰাণী ভি চি ডি চিৰ সভানেত্ৰী আৰু সদস্যই মিলি ভয়ংকৰ জালিয়াতি আৰু অনিয়ম সংঘটিত কৰি হিতাধিকাৰীৰ টকা হৰলুকী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।
অভিযোগ অনুসৰি ১ নং নয়াছৰা গাঁৱৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰতিজন হিতাধিকাৰীৰ পূৰ্বৰে পৰা নিজস্ব বেংক একাউন্ট থকাৰ পিছতো তেওঁলোকৰ সৈতে বিভিন্ন ছল চাতুৰী প্ৰয়োগ কৰি নগদ ১৫০০ টকা আৰু পেনকাৰ্ড, আধাৰ কাৰ্ড, ফটোৰ লগতে অন্যান্য নথিপত্ৰ হস্তগত কৰি আই ভাণ্ডাৰাণী ভি চি ডি চিৰ সভানেত্ৰী দীপা বড়ো আৰু ১ নং নয়াছৰা ভি চি ডি চিৰ সদস্য জগদীশ বৰ্মন আৰু কেইবাজনো মিলি হিতাধিকাৰীক কোকৰাঝাৰ চহৰৰ ইণ্ডিয়ান বেংক শাখালৈ লৈ গৈ তেওঁলোকৰ অজ্ঞাতে নতুন একাউণ্ট খোলাই লয় ।
পৰবৰ্তী সময়ত উক্ত বেংক একাউণ্টত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ধন জমা হোৱাত ভি চি ডি চিৰ সভানেত্ৰী আৰু সদস্যসকলে হিতাধিকাৰীসকলক পুনৰ কোকৰাঝাৰ চহৰৰ ইণ্ডিয়ান বেংক শাখাত লৈ গৈ উকা টকা উঠোৱা ফৰ্মত চহী কৰি যাবলৈ দিয়া হয় ।
এই বিষয়টোত ভি চি ডি চিৰ সভানেত্ৰী/সদস্য জনৰ লগতে বেংক কৰ্তৃপক্ষৰ ভূমিকাত দুই, এজনৰ সন্দেহ ওপজাত তেওঁলোকে নিজাববীয়াকৈ ইন্টাৰনেটত অনুসন্ধান কৰি জানিব পাৰে যে, তেওঁলোকৰ এটা বেংক একাউণ্ট থকাৰ পিছতো কোকৰাঝাৰৰ ইণ্ডিয়ান বেংক শাখাত পুনৰ নতুন একাউণ্ট খোলা হৈছে । দেশৰ ৰিজাৰ্ভ বেংকৰ নীতি নিয়ম অনুসৰি নতুন একাউণ্ট খুলিলে সংশ্লিষ্ট বেংকৰ গ্ৰাহকসকলক বেংকৰ বহী যোগান ধৰা হয়।
আশ্চৰ্য্যজনক কথা যে ইণ্ডিয়ান বেংক, কোকৰাঝাৰ শাখাৰ পৰা ২৫ জন হিতাধিকাৰীৰ মাজত এজনো হিতাধিকাৰীক বেংক একাউণ্ট বহী বা কোনো নথিপত্ৰ বেংক কৰ্তৃপক্ষই দিয়া নাছিল । যাৰ সুবিধালৈ ভি চি ডি চিৰ সভানেত্ৰী/সদস্যসকলে হিতাধিকাৰীৰ দ্বাৰা উকা ফৰ্মত চহী কৰাই টকা উঠাই কিছু টকা হৰলুকি কৰি চৰকাৰী নীতি নিৰ্দেশনাক ধোঁৱা চাঙত তুলি নিজৰ ইচ্ছাৰ অনুসৰি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি চৰকাৰী নিৰ্ধাৰিত মাফ জোখতকৈ সৰু আকাৰৰ গৃহ নিৰ্মাণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী হিতাধিকাৰীসকলে।
যি গৰাকী লোকক গৃহসমূহ নিৰ্মাণ কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে তেওঁ গৃহ নিৰ্মাণত নিম্ন মানদণ্ডৰ ইটা, চিমেন্ট, লোৰ ৰড , বালি ব্যৱহাৰ কৰি কাম কৰি আছে । হাতেৰে ধৰিলে চিমেন্টৰ কংক্ৰিট খহি পৰি আছে বুলি অভিযোগ কৰে । তদুপৰি বিভিন্নজনক টকা আদায় দিয়াৰ কথা কৈ সভানেত্ৰী/সদস্যসকলে প্ৰতিজন হিতাধিকাৰীৰ পৰা ১০০০ টকাৰ পৰা ১৫০০ টকা লৈকে সংগ্ৰহ কৰিছে ।
গৃহ নিৰ্মাণৰ দায়িত্বত থকা মিস্ত্ৰী গৰাকীয়ে গৃহৰ পিৰালি লৈকে কাম কৰাৰ সময়ত হিতাধিকাৰীৰ নিজৰ গাঠিৰ পৰা দুইৰ পৰা চাৰি হেজাৰ টকা খৰচ কৰিবলৈ বাধ্য কৰোৱা হয়। নহলে গাঁত নখন্দাকৈয়ে মাটিৰ ওপৰতে ইটা দি গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰি দিয়ে । মুঠৰ ওপৰত বিভিন্ন অজুহাতত হিতাধিকাৰীসকলক শোষন চলোৱা হৈ আছে বুলি স্থানীয়লোকে অভিযোগ উত্থাপন কৰিছে ।
চৰকাৰে এতিয়া যিকোনো আচঁনিৰ ধন পোনপটীয়াকৈ হিতাধিকাৰীৰ বেঙ্ক একাউণ্টত জমা দিয়ে যাতে কোনো মধ্যভোগীয়ে হস্তক্ষেপ কৰিব নোৱাৰে কিন্তু এক নং নয়াছৰা গাঁৱত হিতাধিকাৰীৰ একপ্ৰকাৰ অজ্ঞাতে বিকল্প বেঙ্ক একাউণ্ট খুলি মধ্যভোগীয়ে ধন হৰলুকী কৰিছে । হিতাধিকাৰীৰ অজ্ঞাতে দুৰ্নীতি সংঘটিত কৰি ইণ্ডিয়ান বেঙ্কৰ কোকৰাঝাৰ শাখাত বেঙ্ক একাউণ্ট খোলা আৰু টকা উলিয়াই লোৱা সমগ্ৰ ঘটনাৰ সৈতে বেঙ্কটোৰ বিষয়া কৰ্মচাৰী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে।
সেয়ে এই বিষয়টো তদন্তৰ প্ৰয়োজনীয়তা আছে বুলি ভুক্তভোগী হিতাধিকাৰীসকলে দাবী উত্থাপন কৰে । পৰিবৰ্তন আৰু দুৰ্নীতি মুক্ত বি টি আৰ গঢ়াৰ সপোন দেখুৱাই শাসনত অহা প্ৰমোদ বড়োৰ বি টি আৰত এতিয়া বেছিহে দুৰ্নীতি সংঘটিত হৈ আছে।
চৰকাৰে সব ঠিকে দিয়ে কিন্তু তৃণমূল পৰ্যায়ত নেতা পালিনেতাসকলে দুৰ্নীতি সংঘটিত কৰে সেয়ে তেখেতক এইক্ষেত্ৰত অলপ নজৰ দিবলৈ অনুৰোধ কৰে গাঁওবাসীসকলে আৰু এই দুৰ্নীতি তদন্ত কৰাৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো হস্তক্ষেপ দাবী কৰে এক নং নয়াছৰা গাঁৱৰ ৰাইজে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us