বাক্সাৰ দিহিৰাত পি.এম.এ.ৱাই গৃহৰ নামত ব্যাপক কেলেংকাৰী

বাক্সাৰ দিহিৰাত পি.এম.এ.ৱাই গৃহৰ নামত ব্যাপক কেলেংকাৰী

author-image
asomiyapratidin
New Update
বাক্সাৰ দিহিৰাত পি.এম.এ.ৱাই গৃহৰ নামত ব্যাপক কেলেংকাৰী

ডিজিটেল সংবাদ,মুছলপুৰ : দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল হ'ব বুলি ৰাজ্য তথা বিটিআৰ চৰকাৰে বাৰে বাৰে ঘোষনা কৰাৰ পাচতো গা লৰা নাই একাংশ ভি চি ডি চিৰ অধ্যক্ষ তথা সদস্যৰ । প্ৰধানমন্ত্ৰী আৱাসগৃহ যোজনাৰ ঘৰ দিয়াৰ নামত ইতিমধ্যে হিতাধিকাৰীৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে বিটিআৰৰ বাক্সা জিলাৰ ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ নিকাচি ভি.চি.ডি.চিৰ অন্তৰ্গত ভবানীপুৰ বি-ব্লক গাওঁত ।

Advertisment

গাওঁখনৰ কেবাটাও গৰীৱ পৰিয়ালক চৰকাৰী ঘৰ দিয়াৰ নামত ইতিমধ্যে টকা সংগ্ৰহ কৰিছে উক্ত ভিচিডিটোৰ অধ্যক্ষ অনন্ত ডেকা, গণ সুৰক্ষা পাৰ্টিৰ কৰ্মী ৰঞ্জিত নাথ, জিতেন দাসৰ লগতে দম্বৰু নাথ নামৰ এগৰাকী শিক্ষকে । ভুক্তভোগী লোকসকলে জনোৱা অনুসৰি উক্ত লোক কেইগৰাকীয়ে ইতিমধ্যে গাওঁখনৰ বহু দৰিদ্ৰ লোকৰ পৰা ৪-৫ হেজাৰ পৰ্যন্ত টকা সংগ্ৰহ কৰিছে ।

অসমৰ মুখ্যমন্ত্ৰী আৰু বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই সকলো কাৰ্যবাহী সদস্য আৰু সাধাৰণ সদস্যক দূৰ্নীতিৰ বিৰুদ্ধে মাৰবান্ধি থিয় হবলৈ কোৱাৰ পাচতো ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ পৰা নিৰ্বাচিত হৈ বিটিআৰৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য হ'বলৈ সক্ষম হোৱা ঘনশ্যাম দাসৰ গণ সুৰক্ষা পাৰ্টিৰ একাংশ ভি চি ডি চিৰ সদস্য তথা অধ্যক্ষই কাৰ ছত্ৰছায়াত এনেদৰে দুৰ্নীতিত লিপ্ত হ'বলৈ মৰসাহ কৰিব পাৰিছে তাকে লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে সচেতন মহল ।

উল্লেখযোগ্য যে ইয়াৰ আগতেও গণ সুৰক্ষা পাৰ্টিৰ একাংশ ভিচিডিৰ সদস্যই চৰকাৰী ঘৰ দিয়াৰ নামত ৭-৮ হেজাৰকৈ টকা সংগ্ৰহ কৰাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতো বিভাগীয় কতৃপক্ষই কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে । কিন্তু এইবাৰ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব পৰবৰ্তী সময়ত লক্ষ্যনীয় ।

আৰু পঢ়ক: কৰ্মচাৰীয়ে নিজকে কৰ্মচাৰীৰ পৰা কৰ্মযোগীলৈ পৰিবৰ্তিত কৰিব লাগিব : উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকা

assam masalpur