প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যৰ্থ ৰাজ্য চৰকাৰঃ লক্ষ্যৰ বিপৰীতে মাত্ৰ ৩৮.৪৩ শতাংশহে গৃহ নিৰ্মাণ...

বিধানসভাত মন্ত্ৰীয়ে দিয়া তথ্য উন্মোচন বিফলতাৰ তথ্য...

author-image
Asomiya Pratidin
New Update
প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যৰ্থ ৰাজ্য চৰকাৰঃ লক্ষ্যৰ বিপৰীতে মাত্ৰ ৩৮.৪৩ শতাংশহে গৃহ নিৰ্মাণ...

PMAGY PMAGY

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰীৰ আৱাস গৃহ যোজনাৰ অধীনত ৰাজ্যত বিগত ৩ টা বছৰত নিৰ্মাণ কৰা হৈছে মাত্ৰ ৩ লাখ ৯৮ হাজাৰ ৫৭৬ টা গৃহ। উল্লেখ্য যে ৰাজ্য চৰকাৰে তিনি বছৰত মুঠ ১৪ লাখ ৫৮ হাজাৰ ৩৭৪ টা ঘৰ নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। সেই অনুসৰি বিগত ৩ বছৰত ৰাজ্য চৰকাৰে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ অধীনত ৩৮.৪৩ শতাংশ হে ঘৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে।

Advertisment

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ তৃতীয়টো দিনত এক প্ৰশ্নৰ উত্তৰত এই তথ্য যোগান ধৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসে। বিধানসভাত মন্ত্ৰী ৰঞ্জিত দাসে কয় যে, ২০২১ বৰ্ষত ৰাজ্যত মুঠ ২ লাখ ৫৬ হাজাৰ ১১০ টা গৃহ নিৰ্মাণৰ লক্ষ নিৰ্ধাৰণ কৰা হৈছিল। ইয়াৰ বিপৰীতে উক্ত বৰ্ষত ১ লাখ ৪৪ হাজাৰ ৯৩২ টা গৃহ নিৰ্মাণ কৰা হৈছে।

লগতে মন্ত্ৰীগৰাকীয়ে কয় জনাই যে, ২০২১-২২ বৰ্ষত মুঠ ১২ লাখ ২ হাজাৰ ২৩৭ টা ঘৰ নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। ইয়াৰ বিপৰীতে এই সময়ছোৱাত নিৰ্মাণ কৰা হৈছে ৮৩ হাজাৰ ৮৪ টা গৃহ। একেদেৰ ২০২২-২৩ বৰ্ষত নিৰ্মাণ কৰা হৈছে ১ লাখ ৭০ হাজাৰ ৫৮০ টা গৃহ। ২০২২-২৩ বৰ্ষত বিভাগে গৃহ নিৰ্মাণৰ কোনো লক্ষ্য নিৰ্ধাৰণ কৰা নাছিল।

উল্লেখ্য যে মন্ত্ৰী দাসে সদৰী কৰা মতে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ নিৰ্মাণৰ বাবে মুঠ ৭৬২ কোটি ৮৩ লাখ ৮৫০ টকা আৱন্তন দিছিল।

PMAGY assam assembly assam RANJIT DAS