/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/a5c11534-fa3b-4c7b-9675-7ae39adb8b0d/house.jpg)
ডিজিটেল সংবাদ, মানকাচৰ : আজি দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭২ সংখ্যক জন্ম দিৱস। দেশৰ বিভিন্ন প্ৰান্তৰৰ বিজেপিৰ কৰ্ম কৰ্তা সকলে জন্ম দিৱস উলহ মালহেৰে পালন কৰাৰ বাবে বিভিন্ন কাৰ্য্যসূচী হাতত লোৱাৰ সময়ত মানকাচৰত এআইইউডিএফৰ পঞ্চায়ত সভানেত্রী বিউটি হালিমা মণ্ডল সুকীয়া ভাবে প্ৰধান মন্ত্ৰীৰ জন্ম দিৱস পালন কৰে। ২০১৩ চনতে মৌলানা বদৰুদ্দিন আজমল মানকাচৰৰ কুচনীমাৰা জোৰডাঙ্গা গাঁও পঞ্চায়ত খন সাংসদ আদৰ্শ গাঁও পঞ্চায়ত হিচাপে স্বীকৃতি দিছে।
পঞ্চায়ত খনৰ পৰা আজমল অধিক ভোট লাভ কৰে বাবে এই পঞ্চায়ত খন আদৰ্শ গাঁও হিচাপে বাছনি কৰা হৈছিল। আজি সাংসদ আজমলৰ এই আদর্শ গাঁও পঞ্চায়তত এইদৰে এ আই ইউ ডি এফ ৰ পঞ্চায়ত সভানেত্রী গৰাকীয়ে ১০০ টা প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ কামৰ বাবে আধাৰশিলা স্থাপন কৰে। প্ৰধান মন্ত্ৰী গৰাকীৰ জন্ম দিৱস উপলক্ষে পঞ্চায়ত প্ৰতিনিধি গৰাকীয়ে এই কাৰ্য্যসূচী হাতত লোৱা বুলি জানিবলৈ দিয়ে। মন কৰিবলগীয়া যে এই পঞ্চায়ত খনত মুঠ ১২৮০ টা প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মান কৰা হব।