/asomiyapratidin/media/media_files/2024/12/02/sLFuvzExh05n1lVcuZSo.jpg)
ডিজিটেল ডেস্কঃ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। মু্খ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে দিল্লীত প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি তেওঁক কেইবাটাও অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ জনাইছে।
প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণৰ সময়ছোৱাত সৰুসজাইত অসমৰ ঝুমুৰ নৃত্য উপভোগ কৰিব। ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাতে বিশ্বৰ ৰেকৰ্ড গঢ়িব ঝুমুৰ নৃ্ত্যই। তাৰোপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে সেই সময়তে অনুষ্ঠিত হ’বলগীয়া অসম বিনিয়োগকাৰী আৰু আন্তঃগাঁথনি সন্মিলনতো অংশগ্ৰহণ কৰিব।
২০২৫ চনৰ ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব এই অসম বিনিয়োগকাৰী আৰু আন্তঃগাঁথনি সন্মিলন৷ এই অনুষ্ঠানৰ লগতেই অসম চৰকাৰৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হ’ব চাহ জনগোষ্ঠীসকলৰ পৰম্পৰাগত ঝুমুৰ নৃত্য পৰিবেশনৰ বৃহৎ অনুষ্ঠান।
মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে এই দুয়োটা অনুষ্ঠানতে উপস্থিত থাকিবলৈ প্ৰধানমন্ত্ৰী গৰাকীয়ে সন্মতি প্ৰকাশ কৰিছে। এই দুয়ো অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ জনোৱাৰ সময়ত ড০ শৰ্মাই সংসদ ভৱনত প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে প্ৰায় ২৫ মিনিট সময়ৰ বৈঠকতো মিলিত হয়।
এই বৈঠকত তেওঁ অসমৰ শেহতীয়া আন্তঃগাঁথনি উন্নয়নমূলক পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে আৰু হাতত লোৱা প্ৰকল্পসমূহৰ বিষয়েও অৱগত কৰি পৰামৰ্শ বিচাৰে। তাৰোপৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই আন কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক এই অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ জনাইছে।