/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/2b123d8c-5afc-4220-a7ff-c242c5f50d11/pm_modi.jpg)
ডিজিটেল ডেস্ক : আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন। প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে অসম চৰকাৰৰ বিশেষ উপহাৰ ৰাজ্যবাসীলৈ।
উল্লেখ্য যে আজি অসম চৰকাৰে সমগ্ৰ ৰাজ্যৰ বিভিন্ন উন্নয়ন এলেকাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ ১ লাখ ঘৰৰ আধাৰশিলা স্থাপন কৰিব। যোৱা দুই, তিনিদিন ধৰি এই আধাৰশিলা স্থাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলি আহিছে।
শনিবাৰে পুৱাৰে পৰা বিভিন্ন এলেকাত দেখা গৈছে ব্যাপক তৎপৰতা। একোটা পঞ্চায়তত পাঁচশতকৈ অধিক ঘৰৰ আধাৰশিলা স্থাপন কৰা হ'ব। একেদিনাই ইমানকেইটা ঘৰৰ আধাৰশিলা স্থাপন কৰিবৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ।
বি.ডি.অ, পি.ডি, ডি.চি, পঞ্চায়ত প্ৰতিনিধি, সচিব, সাধাৰণ কৰ্মচাৰীয়ে বিভিন্ন উন্নয়ন এলেকাত আজিৰ এই আধাৰশিলা স্থাপন কৰিবৰ বাবে সাজু হৈছে। ব্লকে ব্লকে উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে। আনহাতে, ধোঁৱা-কোৱা দেখিছে অভিযন্তা সকলে।