ৰেইনড্ৰপছ ইনিচিয়েটিভৰ ১ লাখ গছপুলি ৰোপণ অভিযান

অভিযানৰ অংশ হিচাপে সংগঠনটোৱে সমগ্ৰ অসমত এই বাৰ্তা লৈ যোৱাৰ উদ্দেশ্যেৰে ধুবুৰী জিলাৰ চাপৰৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ পৰা শনিবাৰে আৰম্ভ কৰিছে এক চাইকেল যাত্ৰা।

author-image
Asomiya Pratidin
New Update
ৰেইনড্ৰপছ ইনিচিয়েটিভৰ ১ লাখ গছপুলি ৰোপণ অভিযান

ডিজিটেল সংবাদ, কোকৰাঝাৰ : সেউজীয়া পৃথিৱীৰ দিশত কাম কৰা পৰিৱেশ সংস্থা ৰেইনড্ৰপছ ইনিচিয়েটিভ অসমে সমগ্ৰ ৰাজ্যতে একলাখ থলুৱা গছপুলি ৰোপণ কৰাৰ এক অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ অংশ হিচাপে সংগঠনটোৱে সমগ্ৰ অসমত এই বাৰ্তা লৈ যোৱাৰ উদ্দেশ্যেৰে ধুবুৰী জিলাৰ চাপৰৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ পৰা শনিবাৰে আৰম্ভ কৰিছে এক চাইকেল যাত্ৰা।

Advertisment

চাপৰৰ ৰত্নপীঠ কলেজৰ পৰা আৰম্ভ কৰা যাত্ৰা আৰম্ভ কৰা দলটোৱে কোকৰাঝাৰৰ বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়, বডোলেণ্ড বিশ্ববিদ্যালয়, আৰু কোকৰাঝাৰ চি আই টিত উপস্থিত হৈ সজাগতামূলক বাৰ্তালাভ কৰাৰ উপৰিও গছপুলি ৰোপণ কৰে । দলটোক আজি চিআইটিত এবছুৰ জিলা সম্পাদক খাম্পা বৰগয়াৰী, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ছেলিম পাটগিৰি , সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথ , আছাৰ নেৰ্তৃবৰ্গই আদৰণি জনায় আৰু গছপুলি ৰোপণৰ এই অভিযানত সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে ।

এই সন্দৰ্ভত ৰেইনড্ৰপছ ইনিচিয়েটিভ অসমৰ উদ্যোক্তা আবিদ আজাদে কয়, "অসমৰ মুখ্যমন্ত্ৰীয়ে ১,০০,০০০ টা খালী পদ নিযুক্তি দিবলৈ ওলাইছে, আৰু সেই অনুসৰি অসম চৰকাৰে ২০২৩ চনৰ ২৬ মে'ত হাজাৰ হাজাৰ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিব বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। আমি মুখ্যমন্ত্ৰীক অনুৰোধ জনাব বিচাৰোঁ যে এই প্ৰাৰ্থীসকলক অন্ততঃ এটাকৈ থলুৱা গছ ৰোপণ কৰিবলৈ তেওঁ যেন উৎসাহিত কৰে।

এই পদক্ষেপে প্ৰাৰ্থীসকলৰ বাবে দিনটোক স্মৰণীয় কৰি তোলাই নহয় পৰিৱেশৰ ওপৰতো স্থায়ী প্ৰভাৱ পেলাব আৰু সেউজ আৰু সুস্থ অসমৰ দিশত অৰিহণা যোগাব।" তদুপৰি ৰেইনড্ৰপছ ইনিচিয়েটিভে' অসমত এক সেউজ পৰিৱেশ আৰু সুস্থ সমাজ গঢ়াৰ দিশত যি এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে তাত অসম চৰকাৰৰ লগতে সকলোৰে সহযোগিতা কামনা কৰিছে ৰেইনড্ৰপছ ইনিচিয়েটিভ অসমৰ উদ্যোক্তা আবিদ আজাদে।

Also Read: গাড়ী ভাড়াক লৈ সংঘাত, বাহন চালকক ছুৰীৰে আক্ৰমণ যাত্ৰীৰ