গাড়ী ভাড়াক লৈ সংঘাত, বাহন চালকক ছুৰীৰে আক্ৰমণ যাত্ৰীৰ

মালিগাঁৱত ছুৰিকাঘাতৰ ঘটনা। যাত্রীয়ে ছুৰীৰে আক্রমণ কৰিলে মেজিক চালকক। শনিবাৰে সংঘটিত হয় এই ঘটনা।

author-image
Asomiya Pratidin
New Update
গাড়ী ভাড়াক লৈ সংঘাত, বাহন চালকক ছুৰীৰে আক্ৰমণ যাত্ৰীৰ

ডিজিটেল ডেস্কঃ মালিগাঁৱত ছুৰিকাঘাতৰ ঘটনা। যাত্রীয়ে ছুৰীৰে আক্রমণ কৰিলে মেজিক চালকক। শনিবাৰে সংঘটিত হয় এই ঘটনা।

Advertisment

জানিব পৰা মতে গাড়ীৰ ভাড়াক লৈ সংঘাতত লিপ্ত হৈছিল দুয়োজন। গুৰুতৰভাৱে আঘাতপ্রাপ্ত চালকজনৰ নাম অবিনাশ দাস।

মালিগাঁৱৰ পৰা বৰাগাঁৱলৈ যাত্রা কৰিছিল যাত্রীজনে। ৩০ টকা ভাড়াৰ পৰিৱৰ্তে ১০টকা দিয়াক লৈ সংঘাতৰ সৃষ্টি হৈছিল।

পৰৱৰ্তী সময়ত যাত্রীগৰাকীক আটক কৰে কৰে আৰক্ষীয়ে। আঘাতপ্রাপ্ত অবিনাশ দাসক চিকিৎসালয়ত ভৰ্তি। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।

Also Read: কোন হ'ব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী? হাই কামাণ্ডে নুমৱাব পাৰিবনে কংগ্ৰেছৰ অন্তৰ্কন্দলৰ জুই...