”কংক্ৰিটৰ ফৰেষ্টত থকা বিষয়াই পৰিৱেশ সংৰক্ষণৰ পৰিকল্পনা কৰিলে গোলকীয় উষ্ণতাত মানুহ মৰিব”

”কংক্ৰিটৰ ফৰেষ্টত থকা বিষয়াই পৰিৱেশ সংৰক্ষণৰ পৰিকল্পনা কৰিলে গোলকীয় উষ্ণতাত মানুহ মৰিব”

author-image
asomiyapratidin
New Update
”কংক্ৰিটৰ ফৰেষ্টত থকা বিষয়াই পৰিৱেশ সংৰক্ষণৰ পৰিকল্পনা কৰিলে গোলকীয় উষ্ণতাত মানুহ মৰিব”

ডিজিটেল সংবাদ, যোৰহাট: গছ অবিহনে পৃথিৱীক কোনেও বচাব নোৱাৰে । বিশ্বই আজি প্ৰকৃতিক দাস হিচাপে ব্যৱহাৰ কৰাৰ ফলত জলবায়ু পৰিবৰ্তন হৈছে । সেই কথা কভিদকালে বিশ্ববাসীক সোৱৰাই দিছে ।আমাৰ ভুলতে নতুন প্ৰজন্মও জলবায়ু পৰিবৰ্তনৰ ভুক্তভোগী হৈছে । দেশৰ অৰণ্য মানৱ খ্যাত যাদৱ পায়েঙে মঙলবাৰে অসম কৃষি বিশ্ববিদ্যালয়ত গছপুলি ৰোপন কাৰ্যসূচী শুভাৰম্ভ কৰি এই মত ব্যক্ত কৰে ।

Advertisment

আজাদী কা অমৃত মহোৎসৱৰ লগতে মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক গছপুলি ৰোপন কাৰ্যসূচীৰ লগত সংগতি ৰাখি আয়োজন কৰা এই অনুষ্ঠানত পদ্মশ্ৰী বটাপ্ৰাপক মুলাইয়ে লগতে কয় যে ধৰিত্ৰী আইৰ এতিয়া পানীলগা জ্বৰহে হৈছে । যেতিয়া সম্পূৰ্ণ জ্বৰ হ'ব আমি পৃথিৱীৰ পৰা বিদায় মাগিব লাগিব । ৭৮০ কোটি মানুহে পৃথিৱীৰ ভাল পাবলৈ শিকক বুলি উল্লেখ কৰি কয় যে প্ৰকৃতিক ভাল পোৱা জনে বিশ্বক ভাল পাব পাৰে আৰু সেয়ে প্ৰকৃতিৰ কথা শিকোৱাটো মোৰ দায়িত্ব বুলি ধৰিছো ।ধুনীয়া অসম সংৰক্ষিত কৰিব নোৱাৰাটো দুৰ্ভাগ্য । সেয়ে শুদ্ধ চিন্তা চৰ্চা কৰি খাদ্যত গুৰুত্ব দিব লাগিব আৰু অৰ্গেনিক খুৱাই মগজুক বিকাশ কৰি ভাৰতৰ কামত লগাব লাগিব । তাৰ সলনি কংক্ৰিটৰ ফৰেষ্টত থকা বিষয়াই পৰিবেশ সংৰক্ষণৰ প্লেনিঙ বনালে গোলকীয় উষ্ণতাত মানুহ মৰিব । অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অনুষদৰ উদ্যোগত আৰু চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ সহযোগত অনুষ্ঠিত এই কাৰ্যসূচীৰ আদৰণি বক্তব্য আগবঢ়ায় চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মুৰব্বী অধ্যাপক মৃদুল ডেকাই ।

চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধ্যাপক গৌতম শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত কৃষি অনুষদৰ বিজ্ঞান গুৰু ড° জয়ন্ত ডেকায়ো বক্তব্য আগবঢ়ায় । অনুষ্ঠানত উত্তৰ পূৱ জৈৱ প্ৰযুক্তিবিদ্যা কেন্দ্ৰৰ সঞ্চালক ড° বিদ্যুত কুমাৰ শৰ্মাৰ , নাহেপৰ সমন্বয়ক ড° কিশোৰ কুমাৰ শৰ্মা ,সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° ৰঞ্জিত কুমাৰ সাউদ,ৰেচম মহাবিদ্যালয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া ড° উৎপল কটকী , ব্যৱস্থাপক বিষয়া ড° প্ৰদ্যুত বিজয় গগৈ ,যোৰহাটস্থ সহকাৰী বন সংৰক্ষক বিনোদ সিনহা আৰু ৰেঞ্জ অফিচাৰ কবিন বৰা, কাৰ্যসূচীৰ সমন্বয়ক মনোৰঞ্জন গগৈ , চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধ্যাপক তথা বিশ্ববিদ্যালয়ৰ চাহ ফেক্টৰী তত্বাৱধায়ক দিগন্ত বৰাৰ লগতে কেবাজনো বিভাগীয় মুৰব্বী , বিজ্ঞানী, অধ্যাপক , শিক্ষাৰ্থী আৰু চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ বিষয়া কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে ।

আৰু পঢ়ক: গোলাঘাটত কোটি টকাৰ ড্ৰাগছ জব্দ…

assam jorhat