/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/tnnn.jpg)
ডিজিটেল সংবাদ, তিনিচুকীয়া: তিনিচুকীয়াৰ লাইপুলি ডিমৰুগুৰি শৈক্ষিক বিকাশ মঞ্চৰ উদ্যোগত দেওবাৰে অঞ্চলটোৰ কৃৰ্তীমান শিক্ষাৰ্থীসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানৰ লগত সংগতি ৰাখি পৰিৱেশ সুৰক্ষা সমিতি, অসমে অব্যাহত ৰখা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি বৰ্ষজোৰা গছপুলি ৰোপণ, বিতৰণ আৰু প্ৰতিপালন কাৰ্যসূচীৰ অন্তৰ্গত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ কলা শাখাত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান পোৱা চেৰী গোঁহাইয়ে । পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই আঁত ধৰা গছপুলি ৰোপণ কাৰ্যসূচীত তেওঁ প্ৰতিগৰাকী শিক্ষাৰ্থীক একোজোপা গছপুলি ৰোপনৰ লগতে প্ৰতিপালন কৰি বৃক্ষৰ ৰূপ দিবলৈ আহ্বান জনায় । তেওঁ লগতে গছবোৰত তেওঁলোকৰ নামফলক আঁৰি গছৰ গৰাকী হোৱাৰ গৌৰৱেৰে আত্মসন্তোষ্টি লভিবলৈও পৰামৰ্শ আগবঢ়ায় ।
ইফালে অভিনন্দন অনুষ্ঠানত চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত নেওগৰ সভাপতিত্বত অনুষ্ঠিত সভাত চেৰী গোঁহাইৰ লগতে উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বৃহত্তৰ লাইপুলি আৰু ডিমৰুগুৰি অঞ্চলৰ শতাধিক ছাত্র-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ।
আজিৰ অনুষ্ঠানত বিশিষ্ট লেখক, শিক্ষক অমৃত ৰাজখোৱা, বিশিষ্ট লেখক ফটিক চন্দ্ৰ নেওঁগ, গীতিকাৰ পুৰণেন্দু দাস, সমন্বয় সমাজ কল্যান যুৱ সন্থাৰ সম্পাদক শীৰ্ষজ্যোতি নেওঁগ, লাইপুলি ডিমৰুগুৰি শৈক্ষিক বিকাশ মঞ্চৰ সভাপতি জয়ন্ত চেতিয়া, পৰিৱেশ সুৰক্ষা সমিতিৰ জিলা সভাপতি পৱন বৰুৱা, সম্পাদক ৰাজীৱ গগৈ, কেন্দ্ৰীয় সদস্য অপূৰ্ব দাস, টাইপাৰ জিলা সভাপতি প্ৰভাত চাংমাই, টাইপাৰ ডিমৰুগুৰি আঞ্চলিক সম্পাদক ডিব্ৰু গগৈ আদি উপস্থিত থাকে ।
আৰু পঢ়ক: ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলা, ৫ উইকেটত জয় ভাৰতৰ