লায়ন্চ পাৰ্কত ৭৩ তম বনমহোৎসৱ উপলক্ষে গছ পুলি ৰোপন…

লায়ন্চ পাৰ্কত ৭৩ তম বনমহোৎসৱ উপলক্ষে গছ পুলি ৰোপন…

author-image
asomiyapratidin
New Update
লায়ন্চ পাৰ্কত ৭৩ তম বনমহোৎসৱ উপলক্ষে গছ পুলি ৰোপন…

ডিজিটেল সংবাদ, নগাঁও: ২০২০-২১ ত নগাঁও লায়ন্চ ক্লাবৰ সৌজন্যত বৰঘাট বাই পাছ আৰু বেবেজীয়াত মুঠ দুখনকৈ পাৰ্ক আতক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছিল। এই দুয়োখন লায়ন্চ পাৰ্কত ৭৩ তম বনমহোৎসৱ ২০২২ উপলক্ষে জিলা বন বিভাগ আৰু জিলা প্ৰশাসনে গছপুলি ৰোপণ উদযাপনৰ বাবে নিৰ্বাচন কৰে।

মঙলবাৰে এই বনমহোৎসৱত জিলা উপায়ুক্ত শ্ৰীযুত নিসৰ্গ হিভাড়ে, অতিৰিক্ত উপায়ুক্ত শান্তনা বৰা,, জিলা বন বিষয়া ভাস্কৰ ডেকা, নগাঁও কলেজৰ অধ্যক্ষ শৰৎ বৰকাকতী ,লায়ন্চ ক্লাবৰ নৱ নিৰ্বাচিত সভাপতি মালচন্দ আগৰৱালা সম্পাদক লায়ন সাৰাংগ বল্লৱ গোস্বামী লায়ন প্ৰলয় সাহা,অজয় মিট্টল, ,বিশ্বজিৎ মহন্ত, গুৰুচৰন সিং, মহাবীৰ আগৰৱালা, গৌৰী সেনগুপ্তা,হিমৎ সিং চৌলাংকী,ইনামূল মজিদ,চফিৰুদ্দিন আহমেদ উপস্থিত নাথাকে।

সকলোৱে গাম্ভীৰ্য্যপূৰ্ন বন মহোৎসৱত লায়ন্চ ক্লাবৰ পাৰ্কত আমলক্ষী, অৰ্জুন, কৃষ্ণচুড়া ইত্যাদি বিভিন্ন গছপুলি ৰোপণ কৰে।

আৰু পঢ়ক: নগাঁৱত চোৰৰ তাণ্ডৱ! আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ ওচৰৰ পৰা নিলে বাইক…

nagaon assam