উপনিৰ্বাচনৰ পূৰ্বে বিহালীয়ে পালে দুটা উপহাৰঃ সংবাদ মেলত কংগ্ৰেছ সভাপতিৰ পুত্ৰক সমালোচনা...

ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ, ৰকিবুল হুছেইন আৰু প্ৰদ্যুত বৰদলৈক প্ৰতিক্ৰিয়া প্ৰকাশৰ আহ্বান

author-image
Asomiya Pratidin
New Update
উপনিৰ্বাচনৰ পূৰ্বে বিহালীয়ে পালে দুটা উপহাৰঃ সংবাদ মেলত কংগ্ৰেছ সভাপতিৰ পুত্ৰক সমালোচনা...

উপনিৰ্বাচনৰ পূৰ্বে বিহালীয়ে পালে দুটা উপহাৰঃ সংবাদ মেলত কংগ্ৰেছ সভাপতিৰ পুত্ৰক সমালোচনা...

ডিজিটেল সংবাদ বিহালীঃ বিহালী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰে সমষ্টিবাসীলৈ দুটা বিশেষ উপহাৰ ঘোষণা কৰিছে। এই উপহাৰ হৈছে বিহালীক সমজিলাৰ মৰ্যাদা আৰু বেদেতীত এখন স্নাতক মহাবিদ্যালয়।

Advertisment

অহা ৩ অক্টোবৰত বিহালীয়ে লাভ কৰিব সম-জিলাৰ মৰ্যাদা। সেই একেদিনাই বেদীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি স্নাতক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব পীযুষ হাজৰীকা আৰু ৰণোজ পেগুৱে। আজি এক সংবাদ মেলৰ জৰিয়তে এই বিষয়ে উল্লেখ কৰিছে পীযুষ হাজৰীকাই।

বিহালীত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰীকাই এক সংবাদ মেল সম্বোধন কৰি এই কথা উল্লেখ কৰাৰ উপৰিও কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়ঙ্ক খাৰ্গেকো সমালোচনাৰ লক্ষ্য কৰি লয়। মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰই জাগীৰোডৰ স্থাপন হোৱা ছেমি কণ্ডাক্টৰ নিৰ্মাণৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল।

সেয়ে মন্ত্ৰী হাজৰীকাই ইয়াৰ তীব্ৰ প্ৰতিবাদ জনাই বিনা চৰ্তে ক্ষমা খোজাৰ দাবী জনাইছে। তাৰোপৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ, ৰকিবুল হুছেইন, প্ৰদ্যুত বৰদলৈকো তেওঁলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে।

Also Read: সোণাৰি আৰক্ষী থানাত জেৰা দালাল দুলালকঃ হাজিৰ কৰা হ'ব ন্যায়িক আদালতত...

পীযুষ হাজৰীকা বিজেপি বিহালী