/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/d4029f09-4935-4261-88db-931ebf47e6a2/5.jpg)
ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকাই ৰাজ্যখনৰ সাংবাদিকসকলৰ লগতে সংবাদ সেৱাৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ আন্তৰিক শুভকামনা আৰু অভিনন্দন জ্ঞাপন কৰিছে ।
গণতান্ত্ৰিক ব্যৱস্থা এটাক শক্তিশালী কৰি সবল ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে সাংবাদিকসকলক অধিক দায়বদ্ধতাৰে সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায় ।