/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/562b6ad0-876e-4114-8ad4-4ab533c1c057/piyush.jpg)
ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বৃহস্পতিবাৰে গুৱাহাটীৰ NERIM প্ৰতিষ্ঠানত ৰাজ্যিক মাদক দ্ৰব্য বিৰোধী আৰু নিবাৰণী পৰিষদৰ উদ্যোগত আয়োজিত International Overdose Awareness Day ৰ অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে । অনুষ্ঠানত বক্তব্য প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন দেশত অত্যাধিক ড্ৰাগচ লোৱাৰ ফলত কেনেদৰে বহুসংখ্যক লোকে মৃত্যুমূখত পৰিব লগা হয় সেই বিষয়ে আলোকপাত কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/479b2193-4681-47c4-be9a-30db87fd3500/6307b4fb_e0d2_4148_8a5c_1974f232b452.jpg)
মন্ত্ৰীগৰাকীয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনৰ উদ্ধৃতি দি কয় যে, ২০১৯ চনত বিশ্বৰ প্ৰায় ৬ লাখ মানুহে 'ড্ৰাগচ অভাৰডোজ'ৰ বাবে মৃত্যুমুখত পৰিছিল । কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰতে প্ৰতি বছৰে এক লাখৰো অধিক মানুহ ড্ৰাগচৰ অভাৰডোজত মৃত্যু হয় বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
ভাৰতৰ ক্ষেত্ৰত প্ৰতিবেদন অনুসৰি ২০১৭-১৯ ৰ সময়খিনিত ২৩০০ মানুহৰ ড্ৰাগচৰ কবলত পৰি মৃত্যু হৈছে বুলি কোৱা হয় যদিও প্ৰকৃততে এই সংখ্যা বহু বেছি বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । ভাৰতত বহু পৰিয়ালেই পৰিয়ালৰ কোনো সদস্যই ড্ৰাগচ লয় বুলি প্ৰকাশ কৰিব নোখোজে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ড্ৰাগচৰ 'অভাৰডোজ'ৰ বাবে সমাজৰ এজন ব্যক্তিৰো মৃত্যু হোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/ed786235-822d-409b-b6a0-034c17a0bd9f/44de6be3_109c_41d8_9f98_8d15a71bcd1a.jpg)
ড্ৰাগচৰ অপব্যৱহাৰে সমাজত হতাশাগ্ৰস্ত এচাম ব্যক্তিৰ জন্ম দিয়ে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, যোৱা ২০২১ বৰ্ষত ভাৰতত প্ৰায় ১০০০০ ব্যক্তিয়ে ড্ৰাগচ আৰু মাদক দ্ৰব্যৰ আসক্তিত পৰি আত্মহত্যা কৰিছিল বুলি সন্দেহ কৰা হৈছে । মন্ত্ৰীগৰাকীয়ে লগতে কয় যে মানুহক ড্ৰাগচৰ আসক্তিৰ পৰা আঁতৰি থাকিবৰ বাবে সজাগ আৰু শিক্ষিত কৰি তুলিব লাগিব । সকলোৱে সামাজিক দায়বদ্ধতাৰে কাম কৰিলে আৰু পৰিয়াল তথা বন্ধুৰ বিষয়ে চিন্তা কৰি কাম কৰিলে সমাজত ড্ৰাগচৰ আসক্তিৰ সংখ্যা কমি যাব ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/da2dc75c-618d-4434-92db-8210f777210c/6723349e_11b4_4b8b_b606_53d0a57443d1.jpg)
বৃহস্পতিবাৰৰ অনুষ্ঠানত উপস্থিত থকা NERIM ৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁলোকক পিতৃ-মাতৃয়ে অশেষ কষ্ট কৰি চহৰ অঞ্চলত অধ্যয়নৰ বাবে পঠিয়ায় যদিও এচামে অসামাজিক কাৰ্যত লিপ্ত হৈ সমাজত অশান্তিৰ সৃষ্টি কৰে। এই ক্ষেত্ৰত শৈক্ষিক প্ৰতিষ্ঠানসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক প্ৰয়োজনসাপেক্ষে বিশেষ পৰামৰ্শ প্ৰদানৰ ব্যৱস্থা কৰিব লাগে বুলিও তেওঁ উল্লেখ কৰে। আনহাতে অভিভাৱকসকলেও নিজৰ ল'ৰা-ছোৱালীয়ে ক'ত কেনেদৰে টকা খৰচ কৰে সেই বিষয়ে সজাগ দৃষ্টি ৰাখিব লাগে বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰদান কৰে ।