পিংকুক কিয়, কেনেকৈ কৌশলেৰে মাতি নি হত্যা কৰিছিল বন্ধুয়ে…

পিংকুক কিয়, কেনেকৈ কৌশলেৰে মাতি নি হত্যা কৰিছিল বন্ধুয়ে…

author-image
asomiyapratidin
New Update
পিংকুক কিয়, কেনেকৈ কৌশলেৰে মাতি নি হত্যা কৰিছিল বন্ধুয়ে…

ডিজিটেল সংবাদ , ঢকুৱাখনা : "সাম্প্ৰতিক সময় বৰ জটিল আৰু নিষ্ঠুৰ ।  মানুহবোৰ বৰ অসহিষ্ণু আৰু অসহনশীল ।কেতিয়া কাক কি হানি বিঘিনি কৰে ঠিক নাই । মই বেছি দিন নাথাকো ঘৰত । তই সোনকালে ঘৰ সোমাবি । মা দেউতা সকলোৰে প্ৰতি খেয়াল ৰাখিবি ……. " ।  যোৱা ১৪ জুলাইৰ অভিশপ্ত নিশা প্ৰায় ৮ বজাত ধেনুখণা হিলৈদাৰী গাঁওৰ নিজা গৃহৰ বাৰাণ্ডাত বহি কণিষ্ঠ ভাতৃ শশাংকক অভিভাৱকত্বৰ অন্তিম পাঠ পঢ়াই ওলাই যোৱা পিংকু গগৈ (২৬) পৰৱৰ্তী সময়ত আহিছিল নিথৰ  দেহহৈ ।

Advertisment

দেওবাৰে "অসমীয়া প্ৰতিদিন ডিজিটেল"ক  জ্যেষ্ঠ ভাতৃৰ অনুশাসনমূলক  সেই  অন্তিম  পৰামৰ্শ স্মৰণ কৰি এনেদৰে ব্যক্ত কৰিলে কনিষ্ঠ ভাতৃ শশাংক গগৈয়ে। ঘিলামৰা আৰক্ষী থানাৰ ধেনুখণা হিলৈদাৰী গাঁওৰ কৰ্মঠ সুঠাম যুৱক পিংকু গগৈৰ  শোকাচন্ন বাস গৃহত এই  পৰিকল্পিত হত্যাকাণ্ডৰ পাষণ্ড নৰ হত্যাকাৰীক ফাঁচীৰ বিকল্প শাস্তি নাই বুলি মানৱ দৰদী প্ৰতিগৰাকী ব্যক্তিয়ে মত ব্যক্ত কৰি শোকার্ত পৰিয়ালটোক  সমবেদনা জনাইছেহি ।

ঘিলামৰা আৰক্ষীয়ে ৫টা নৰখাদকক গ্ৰেপ্তাৰ কৰাৰ পৰৱৰ্তী সময়ত হত্যাকাণ্ডৰ কাৰণ আৰু চিৰাজৰ ভূমিকাক লৈ  বিবিধ প্ৰশ্নই জুমুৰি দি ধৰিছে গাঁওবাসী ন্যায়কামীক ।  সংগৃহীত তথ্য মতে পিংকুক বাল্য কালৰ বন্ধু তথা একে গাঁৱৰে প্ৰয়াত বীৰেন গগৈৰ পুত্ৰ চিৰাজ গগৈয়ে উক্ত অভিশপ্ত নিশাৰ ভোজলৈ নিমন্ত্ৰণ কৰিছিল সম্পূৰ্ণ কৌশলগত ভাৱে ।

চিৰাজৰ বায়েক কংকণাৰ বিয়াত যিহেতু  পিংকু বৃত্তিগত তাগিদাত উপস্থিত থাকিব পৰা নাছিল সেয়ে ১৪ জুলাইৰ নিশা কেৱল বায়েক আৰু ভিনিহিয়েক উপস্থিত থাকিব বুলি নিশ্চিত কৰি নৈশ ভোজত উপস্থিত থাকিবলৈ একপ্ৰকাৰৰ জোৰ কৰিয়ে পিংকুক মাতিছিল সতীৰ্থ চিৰাজ গগৈয়ে ।

কিন্তু সেই অভিশপ্ত দিনৰ কথা উপলব্ধি নকৰি  পিংকু কৰ্মথলী শিৱসাগৰ জিলাৰ পৰা ৰাওনা হৈছিল ঘৰ অভিমুখে ।  ভাতৃৰ সহযোগত ১৩ জুলাইৰ  নিশা শিৱসাগৰৰ পৰা আহি ধেমাজি আৰু পাছত ধেমাজিৰ পৰা ঘৰ আহি পাই পৰিয়ালক এই কথা জানিবলৈ দিছিল পিংকুৱে ।  স্বাভাৱিক ভাবেই ঘৰ পাই সময় অতিবাহিত কৰা  পিংকুৱে পাছদিনা ১৪ জুলাইৰ পুৱা বেলা পৰিয়ালৰ সতে সময় অতিবাহিত কৰি ১০ বজাৰ পৰা প্ৰায় ৩ বজালৈ শুইছিল।

পাছত শুই উঠি প্ৰায় ডেৰ ঘণ্টা মান পৰিয়ালৰ সতে নিজা ফিছাৰীৰ পাৰত বহি স্বচ্ছন্দ মনে  ভৱিষ্যত পৰিকল্পনা আৰু  ঘৰুৱা বাৰ্তালাপ কৰি থকা অৱস্থাতে ভাতৃ শশাংকই পাৰি দিয়া এটা সুমিষ্ঠ আমৰ জুতিও লৈছিল পিংকুৱে ।  পৰৱৰ্তী সময়ত নিশা ঘৰতে কটোৱা পিংকুৱে ভাতৃ শশাংকৰ সৈতে বাৰাণ্ডাত বহি পৰামৰ্শমূলক কথা পাতি থকা অৱস্থাতে পিংকুৰ মবাইলত এটা বিশেষ  কল আহে সেই  অভিশপ্ত  নিশা । কিছুদূৰ আঁতৰি গৈ কথা পাতি পুনৰ ভাতৃক উপৰোক্ত বোধজ্ঞান দি  "সময় হল ভাত খাবলৈ যাওঁ" বুলি চিৰাজৰ ঘৰলৈ ওলাই গৈছিল বাইকখন লৈ।  তেতিয়া নিশা প্ৰায় ৯ বাজিছিল ।

নিশা প্ৰায় ১১ বজালৈ ঘৰলৈ নহাত মাতৃ গিতালী গগৈয়ে পিংকুলৈ কল কৰাত সি "ভাত খাব হৈছে ,খাই ঘৰলৈ গৈ আছো "বুলি স্বাভাৱিক ভাবেই জনাইছিল ।  উক্ত কথাত অত্যাধিক মদ্যপান কিম্বা নিচাসক্ত হোৱাৰ কোনো ইংগিত পোৱা নাছিল মাতৃয়ে ।পৰৱৰ্তী সময়ত ঘৰৰ দুৱাৰ খোলা ৰাখিয়ে পুত্ৰৰ আগমন অপেক্ষা কৰি টোপনি যোৱা মাতৃয়ে কিন্তু  সহজ সৰল যুৱকজন ঘৰলৈ উভতি অহা নেদেখিলে ।

দেখিলে ঘৰৰ পৰা বিপৰীত দিশৰ বহু দূৰত  নিষ্প্ৰাণ দেহ হৈ ১৫ জুলাইৰ পুৱা পথৰ ওপৰত পৰি থকা  ।  পিংকুৰ পৰিয়ালে প্ৰকাশ কৰা এই তথ্যই বাস্তৱিকতে যে পিংকুক কৌশল কৰি চিৰাজে মাতি আনিছিল সেয়া স্পষ্ট হৈছে । কাৰণ উক্ত অভিশপ্ত নিশা চিৰাজৰ ঘৰত নৈশ পাৰ্টি চলিছিল বহু সংখ্যকৰ উপস্থিতিত । 

মদ মাংস সংগীতৰ প্ৰয়োভৰ ঘটা এই পাৰ্টিৰ অচিলা লৈ পৰিকল্পিত ভাৱে খুব শীতল মস্তিষ্কৰে হত্যা কৰা হৈছিল উদীয়মান সৎ সৰবৰহী যুৱকজনক ।  পিংকুৰ  মূৰৰ পাছফালে  আৰু ঠুটৰীত আঘাট চিনে তাকেই প্ৰকট কৰিছে। পাছত দুৰ্ঘটনাৰ এক বাটৰ নাট সৃষ্টি কৰিছিল হত্যাকাৰী নৰখাদক কেইটাই। 

পৰিয়ালে জনোৱা মতে  হত্যাকাণ্ডৰ অভিযুক্ত চিৰাজ আৰু দিম্পল পিংকুৰ সহপাঠী আছিল যদিও শেহতীয়া ভাৱে এই দুই বন্ধু ৰূপী শত্ৰুৰ পৰা আঁতৰত আছিল পিংকু । যাক লৈ এই দুই বৰ্জিত সহপাঠীৰ বাবে  ঈর্ষাৰ কাৰণ হৈ পৰিছিল পিংকু ।  এজন নিৰীহ যুৱকৰ নৃশংস হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ উন্মোচনত  এই বিষয়টো সহায়ক হ'ব পাৰে আৰক্ষীৰ বাবে ।

তাৰোপৰি ধেমাজি জিলাৰ তিনি ঘাটক যুৱক  মৰিধল ঘাট গাঁওৰ দেৱেন চেতিয়াৰ পুত্ৰ কৌশিক চেতিয়া , ধেমাজি জিলাৰ গোৱাল গাঁওৰ  মনোজ কুমাৰ বৰুৱাৰ পুত্ৰ দীপাংকৰ বৰুৱা (২৮)  আৰু ধেমাজি চাপৰি গাঁওৰ বদন গগৈৰ পুত্ৰ ধন জ্যোতি গগৈ (২৫) ৰ সৈতে পিংকুৰ  চিনাকি নাছিল বুলি প্ৰকাশ কৰিছে আত্মীয়ই। চিৰাজৰ চিনাকি সূত্ৰে পাৰ্টিলৈ  ৰহস্যজনক উদ্দেশ্যেৰে  আহি এই নিৰ্মম কাণ্ড সংঘটিত কৰা বুলি তথ্য পোহৰলৈ আহিছে । 

এই সন্দৰ্ভত অধিক তথ্য সংগ্ৰহৰ বাবে  ঘিলামৰা আৰক্ষীয়ে তিনিওটা অভিযুক্তক দুদিনৰ জিম্মাত ৰাখি তদন্ত চলাই আছে ।সমান্তৰাল ভাৱে  পিংকুৰ টকা ভৰ্তি মানি বেগ , প্ৰাণনাশী প্ৰহাৰত ব্যৱহৃত সামগ্ৰী উদ্ধাৰৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

এই বৰ্বৰ ঘটনা সন্দৰ্ভত দেওবাৰে ঘিলামৰা আৰক্ষীয়ে  বৰ্বৰ মানসিকতাৰ যুৱক চিৰাজৰ ভিনিয়েক সঞ্জীৱ গগৈ, বায়েক কংকণা গগৈ আৰু  ধেনুখণা হিলৈদাৰী গাঁওৰ বাসিন্দা তথা শিক্ষক দীপক গগৈক ( যি সমগ্ৰ হত্যাকাণ্ডটো পথ দুৰ্ঘটনা বুলি ব্যাপক প্ৰচাৰ চলাই প্ৰকৃত তথ্য গাপ দিবলৈ চক্ৰান্তমূলক চেষ্টা কৰিছিল)  সোধা পোছাৰ বাবে ঘিলামৰা থানালৈ তলব কৰিছে  ।

সম্প্ৰতি এই কেইজন ব্যক্তিক ঘিলামৰা থানাত আটক কৰি ৰখা হৈছে । ঘিলামৰাবাসীৰ হৃদয় কঁপাই তোলা এই বৰ্বৰ হত্যাকাণ্ড সন্দৰ্ভত ঘিলামৰা আৰক্ষীয়ে জনোৱা মতে তদন্ত সঠিক দিশত আগবাঢ়িছে আৰু অচিৰেই সকলো স্পষ্ট হ'ব । গাঁওখনৰ ন্যায় কামী ৰাইজৰ দাবী নিৰ্বোধ নিৰহংকাৰী নিৰ্জু পিংকু হত্যাকাৰীক ফাঁচী দিবই লাগিব । যাতে ভৱিষ্যতলৈ কোনেও এনে বৰ্বৰ পৈশাসিক কাণ্ড সংঘটিত কৰিবলৈ এবাৰো ভাবিবও নোৱাৰে ।

আৰু পঢ়ক: কাইলৈ ৰাষ্ট্ৰপতি নিৰ্বাচন; দেশে পাব দ্বিতীয় গৰাকী মহিলা ৰাষ্ট্ৰপতি !

assam arrested crime murder case Assam police