/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/ghilamara.jpg)
ডিজিটেল সংবাদ , ঢকুৱাখনা : সতীৰ্থ হত্যাৰ অভিযোগত অভিযুক্ত সকলক অৱশেষত ঘিলামৰা আৰক্ষীয়ে চিনাক্ত কৰিবলৈ সক্ষম হৈছে । ঘিলামৰাৰ ধেনুখণা হিলৈদাৰী গাঁওৰ ১৪ জুলাইৰ অভিশপ্ত নিশা নৈশ ভোজৰ আহাৰ গ্ৰহণ কালত উপস্থিত থকা পিংকু গগৈৰ ৫ সতীৰ্থৰ দ্বাৰাই এই নৃশংস অমানৱীয় হত্যাকাণ্ড সংঘটিত হোৱা বুলি ঘিলামৰা আৰক্ষী পতিয়ন গৈছে ।
ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়া সৌমাৰ জ্যোতি ভূঞাৰ পৰ্যবেক্ষণত ঘিলামৰা আৰক্ষী থানাৰ অচি চন্দন দাস ,তদন্তকাৰী আৰক্ষী বিষয়া উপ পৰিদর্শক হেমন্ত কোঁৱৰৰ নেতৃত্বত চলোৱা তদন্তৰ শেষত ঘটনাৰ প্ৰাথমিক সাক্ষ্য প্ৰমাণৰ ভিত্তিত উক্ত দিনা উক্ত গাঁওৰে প্ৰয়াত বীৰেন গগৈৰ পুত্ৰ চিৰাজ গগৈৰ ঘৰত আয়োজন কৰা নৈশ পাৰ্টিত অংশগ্ৰহণ কৰা ৫ গৰাকী সতীৰ্থক এই বৰ্বৰোচিত হত্যাকাণ্ডৰ নায়ক হিচাপে চিহ্নিত হোৱাৰ পাছত এই অভিযুক্ত কেইটাক শুকুৰবাৰে ঘিলামৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/WhatsApp-Image-2022-07-16-at-1.56.24-PM-1024x576.jpeg)
ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ /৩৪ ধাৰাত পঞ্জীভূত গোচৰ (নং-৫৫/২০২২)ত গ্ৰেপ্তাৰ হোৱা সতীৰ্থ অভিযুক্ত কেইজন ক্ৰমে ঢকুৱাখনা ধেনুষণা হিলৈদাৰী গাঁওৰ প্ৰয়াত বীৰেন গগৈৰ পুত্ৰ তথা অভিশপ্ত নিশা নৈশ পাৰ্টি অনুষ্ঠিত কৰি ষড়যন্ত্ৰ ৰচনা কৰা চিৰাজ গগৈ (২৭) , ধেমাজি জিলাৰ মৰিধল ঘাট গাঁওৰ দেৱেন চেতিয়াৰ পুত্ৰ কৌশিক চেতিয়া (২৬) ,ধেনুখণা হিলৈদাৰী গাঁওৰ ভব গগৈৰ পুত্ৰ দিম্পল গগৈ(২৭), ধেমাজি জিলাৰ গোৱাল গাঁওৰ মনোজ কুমাৰ বৰুৱাৰ পুত্ৰ দীপাংকৰ বৰুৱা (২৮) আৰু ধেমাজি চাপৰি গাঁওৰ বদন গগৈৰ পুত্ৰ ধন জ্যোতি গগৈ (২৫) ।
আৰক্ষীয়ে যোৱা ১৫ জুলাইৰ পুৱাই এই নৰহত্যাকাৰী কেইটাক আটক কৰি দুদিন ধৰি নিৰন্তৰ জেৰা চলোৱাৰ পাছত গ্ৰেপ্তাৰ কৰি শনিবাৰে ৩ টা অভিযুক্তক লখিমপুৰ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰিছে আৰু ২ জনক আৰক্ষীৰ জিম্মালৈ আনিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/WhatsApp-Image-2022-07-16-at-1.56.25-PM-1024x555.jpeg)
ইপিনে নিজৰেই একান্ত সুহৃদ সতীৰ্থৰ পৰিকল্পিত হত্যাকাণ্ডৰ বলি হোৱা পিংকু গগৈ হত্যাকাণ্ডৰ অভিযুক্ত কেইটাক ফাঁচী দিয়াৰ দাবীত শনিবাৰে ঘিলামৰা থানাৰ প্ৰৱেশদ্বাৰ উত্তাল কৰি তোলে মৃত পিংকুৰ শুভাকাংক্ষী আৰু ধেনুষণা হিলৈদাৰী গাঁওৰ কেইবা শতাধিক পুৰুষ মহিলাই ।
নিৰপৰাধী নিৰ্জু পিংকুৰ পৰিকল্পিত হত্যাকাণ্ডত জড়িত নৰ হত্যাকাৰী কেইটাক ফাঁচী দিয়ক , হত্যাকাণ্ড সংঘটিত কৰি পথ দুৰ্ঘটনাৰ ৰূপ দিবলৈ নিকৃষ্ট কৌশল কৰা হত্যাকাৰী কেইটাক ৰেহাই নিদিব, হত্যাকাণ্ডৰ সতে জড়িত সকলোকে আইনগত শাস্তি প্ৰদান কৰক , এই বৰ্বৰ হত্যা কাণ্ডৰ তথ্য লুকুৱাবলৈ চেষ্টা কৰা সকলকো উচিত শাস্তি প্ৰদান কৰক আদি শ্লোগান দি থানা সন্মুখত উত্তাল পৰিবেশৰ সৃষ্টি কৰে ন্যায় কামী ৰাইজে।
পাছত ঘিলামৰা আৰক্ষীৰ বুজনিত সৈমান হোৱা ৰাইজ ক্ষান্ত হয়। পৰৱৰ্তী সময়ত ঘিলামৰা আৰক্ষীয়ে হত্যাকাণ্ডত জড়িত সকলক ঢকুৱাখনা মহকুমা ন্যায়িক আদালতত হাজিৰ কৰি ন্যায়িক হেফাজতলৈ প্ৰেৰণ কৰে । ঘিলামৰা থানাৰ পৰা ন্যায়িক জিম্মালৈ নিয়াৰ সময়ত ন্যায় কামী ৰাইজে হত্যাকাৰীক ফাঁচী দিয়াৰ দাবীত আৰক্ষীৰ বাহন আবদ্ধ কৰিবলৈ চেষ্টা চলাই । আৰক্ষীয়ে মৃদু লাঠী চালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰি অপৰাধী কেইটাক নিৰাপদে প্ৰেৰণ কৰে।