/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/US-3.jpg)
ডিজিটেল ডেস্কঃ পুনৰাবৃত্তি হ'ব পাৰে ৯/১১ৰ ! দুখন বিমানেৰে নিউয়ৰ্কৰ বিখ্যাত টুইন টাৱাৰ ধ্বংস কৰাৰ সেই ঘটনা যেন পুনৰ সংঘটিত হোৱাৰ দিশে গতি কৰিছে। কিয়নো এগৰাকী পাইলটে ইচ্ছাকৃতভাৱে ৱালমাৰ্টত খুন্দিওৱাৰ ভাবুকি প্ৰদান কৰিছে।
উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিচিচিপিৰ ৱেষ্ট মেইনত এখন বিমানৰ পাইলটে ৱালমাৰ্টত ইচ্ছাকৃতভাৱে দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ভাবুকি দিছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে তেওঁলোকে পাইলটজনৰ সৈতে পোনপটীয়াকৈ কথা পাতিবলৈ আৰম্ভ কৰিছে।
ইফালে সৰ্বসাধাৰণৰ সুৰক্ষাৰ কথা চিন্তা কৰি আৰক্ষীয়ে স্থানীয় দোকানবোৰ খালী কৰিছে। একে সময়তে স্থানীয় লোকসকলকো সেই ঠাইৰ পৰা আঁতৰাই লৈ যোৱা হৈছে। এক বিবৃতিত আৰক্ষীয়ে প্ৰকাশ কৰিছে যে, সকলো কথা স্পষ্ট নোহোৱালৈকে নাগৰিকসকলক সেই অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ কোৱা হৈছ।
আনহাতে স্থানীয় গৱৰ্ণৰ টেট ৰিভছে কৈছে যে, যিগৰাকী পাইলটে বিমান দুৰ্ঘটনা সংঘটিত কৰাৰ ভাবুকি দিছে তেওঁ উৰুৱাই থকা বিমানখন ৯ খন আসনযুক্ত। বিমানখনত আছে দুটা ইঞ্জিন। ঘটনাক কেন্দ্ৰ কৰি জৰুৰীকালীণ সেৱাকে ধৰি সকলো সংশ্লিষ্ট বিভাগ তৎপৰ হৈ আছে।