/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/pijyushhh.jpg)
ডিজিটেল ডেস্ক : অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই শুকুৰবাৰে অসম অৰুণাচল প্ৰদেশ সীমা সমস্যা সমাধানৰ বাবে গঠিত আঞ্চলিক সমিতিৰ আন সদস্যসকলৰ সৈতে অসমৰ বিশ্বনাথ আৰু অৰুণাচল প্ৰদেশৰ পাকে কিচাং জিলাৰ সীমান্তৱৰ্তী অঞ্চল পৰিদৰ্শন কৰে ।
মন্ত্ৰী হাজৰিকাই অৰুণাচল প্ৰদেশৰ মন্ত্ৰী মামা নাটুং আৰু দুয়োখন ৰাজ্যৰ বিধায়কত্ৰয় ক্ৰমে ৰঞ্জিত দত্ত, প্ৰমোদ বৰঠাকুৰ আৰু বিয়ুৰাম ৱাহগেৰ সৈতে অঞ্চলটোৰ দিকালমূখ, পাছ', ডিপিক আৰু বালিচ' গাঁও পৰিভ্ৰমণ কৰি সীমা অঞ্চলত বসবাস কৰি থকা ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us