/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/145654b0-9b44-4dbf-9aeb-35dc70377243/pijus.jpg)
ডিজিটেল সংবাদ, নাৰায়ণপুৰ: ৰাজ্যৰ মন্ত্ৰী পীযুষ হাজৰীকাই দেওবাৰে নাৰায়নপুৰত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যেই ঘোষণা কৰা বিজেপি দলৰ ঘোষণাপত্ৰৰ বিষয়ে বৰ্ণনা কৰে |
বিগত প্ৰায় ১২ দিন দেউৰী সম্প্ৰদায়ৰ ব্যক্তিসকল বাস কৰা অঞ্চলত নিৰ্বাচনী প্ৰচাৰৰ বাবে ঘূৰি থাকি দেউৰী সম্প্ৰদায়ৰ বিষয়ে বহুখিনি কথা বুজিবলৈ সক্ষম হোৱা বুলি মন্ত্ৰী হাজৰীকাই আজিৰ সংবাদমেলৰ প্ৰথমতে মন্তব্য কৰে | নিৰ্বাচনী সভাবোৰত দেউৰী সম্প্ৰদায়ৰ লোক আৰু দেউৰী অধ্যুষিত অঞ্চলৰ আন ব্যক্তিসকলৰ উপস্থিতি আৰু তেঁওলোকৰ উতসাহজনক সহাঁৰিৰ বাবে মন্ত্ৰী হাজৰীকাই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে |
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/dbf95e33-4ece-4d6b-8dc7-81148050115b/WhatsApp_Image_2022_11_06_at_9_50_38_PM.jpeg)
দেউৰী সম্প্ৰদায়ৰ ব্যক্তিসকল শিক্ষিত আৰু সুনাগৰিক বুলি অভিহিত কৰি মন্ত্ৰী গৰাকীয়ে কয় যে বিগত সময়খিনিত দেউৰী সম্প্ৰদায়ৰ ব্যক্তিৰ ঘৰত খাদ্য গ্ৰহণ কৰাৰ সময়ত তেঁওলোকৰ পৰিষ্কাৰ পৰিচন্নতাৰ বিষয়ে সজাগতাৰ বিষয়ে তেঁও উপলব্ধি কৰে | আনহাতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যেই মুকলি কৰা ঘোষণা পত্ৰৰ দুটামান ঘোষণাৰ বিষয়ে মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয় যে দেউৰী সম্প্ৰদায়ৰ ভূমিহীন ব্যক্তিসকলক মিচ্যন বসুন্ধৰাৰ অধীনত ভূমি প্ৰদান কৰা হ’ব |
আনহাতে অহা দুমাহৰ ভিতৰত দেউৰী সম্প্ৰদায়ৰ পূজাৰীসকলক ১ লাখকৈ সাহাৰ্য প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰি মন্ত্ৰী হাজৰীকাই কয় যে ১০০ বছৰতকৈ পূৰণা দেওশালবোৰলৈও চৰকাৰৰ পৰা ১০ লাখ টকাকৈ সাহাৰ্য প্ৰদান কৰা হ’ব | আনহাতে ১০০ বছৰতকৈ কম পূৰণা দেওশালবোৰলৈও আঢ়ৈ লাখকৈ টকাৰ সাহাৰ্য প্ৰদান কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে |
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/9ae694fd-140a-45e8-be18-325d1b733c96/WhatsApp_Image_2022_11_06_at_9_50_38_PM__1_.jpeg)
দেউৰী সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এ পি এচ চি আৰু ইউ পি এচ চি ৰ পৰীক্ষাৰ বাবে সাজু হ’ব পৰাকৈ ৰাজ্য চৰকাৰ আৰু দেউৰী স্বায়ত্বশাসিত পৰিষদৰ পৰা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই | তাৰোপৰি স্থানীয় লোকসকলৰ ইচ্ছাৰ প্ৰতি সহাঁৰি জনাই ৰাজ্য চৰকাৰে লখিমপুৰ জিলাৰ হাৰমতীত ৫০ লাখ টকা ব্যয়েৰে এটা দেউৰী অতিথি শালা নিৰ্মাণৰ ব্যৱস্থা কৰিব বুলি মন্ত্ৰী হাজৰীকাই আজিৰ সংবাদমেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হৈ ঘোষণা কৰে |
আনহাতে দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত প্ৰাৰ্থী প্ৰদান কৰা ২২ টা সমষ্টিৰ আটাইকেইটাতে বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলি মন্তব্য কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে বিজেপি চৰকাৰে ভাল কাম নকৰাহ’লে আটাইকেইটা সমষ্টিতে জয়লাভ কৰিব পাৰিব বুলি দাবী কৰিব পৰা পৰিৱেশ এটা নাথাকিলেহেঁতেন | আনহাতে দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত বিৰোধী শূন্য হৈ পৰা বুলি মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে কয় যে নিৰ্বাচনী প্ৰচাৰ বাদ দি কংগ্ৰেছৰ নেতাসকলে ধুবুৰীলৈ পলাই গৈ বাহৰ পাতি আছেগৈ |
বিজেপি দলে পঞ্চায়ত নিৰ্বাচনকে ধৰি পৰিষদীয় নিৰ্বাচন, বিধানসভা, লোকসভা নিৰ্বাচন আদি সকলোতে সমানে গুৰুত্ব দিয়ে বুলিও মন্ত্ৰী হাজৰীকাই প্ৰকাশ কৰে | দলৰ এনে চিৰিয়াছনেচৰ বাবেই দলীয় সভাপতি আৰু অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বিগত প্ৰায় ১২ দিন তেঁও নিৰ্বাচনী প্ৰচাৰৰ কামত লাগি থকা বুলিও মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই |