/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/40d9ed20-27a1-4359-85af-3d21f8ffab92/piiii.jpg)
pijush hazarika
ডিজিটেল ডেস্কঃ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কটাক্ষ মন্ত্ৰী পীযুষ হাজৰিকাৰ। সভাপতি বৰাৰ এটা কবিতাৰ আত ধৰি মন্ত্ৰী হাজৰিকাই কটাক্ষ কৰে। মন্ত্ৰী হাজৰিকাই কয় যে, ভূপেন বৰা কংগ্ৰেছ দলৰ এগৰাকী নিষ্কৰ্মা সভাপতি। অসমত কংগ্ৰেছৰ স্থান ৩য়, ৪ৰ্থ স্থানলৈ অৱনমিত হৈছে।
আনহাতে ভূপেন বৰাৰ কবিতা ওপৰত কিবা মন্তব্য দিব লাগে বুলি মন্ত্ৰীগৰাকীয়ে নাভাৱে বুলি উল্লেখ কৰে। স্বভাৱ সুলভভাৱে মন্ত্ৰীগৰাকীয়ে কয় যে, তেখেতে এইবোৰ অকবিতা লিখি হাঁহিয়াতৰ পাত্ৰ হোৱাতকৈ গাঁৱবোৰলৈ গৈ কেনেবাকৈ কংগ্ৰেছক ২নং স্থানলৈ আনিব পাৰে নেকি তাৰ চিন্তা কৰক।