ডিজিটেল সংবাদ,বিহালীঃ উপ নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰৰ বিহালীবাসীলৈ দুটাকৈ উপহাৰ ঘোষণা। ৪ অক্টোবৰত বিহালীয়ে লাভ কৰিব সমজিলাৰ অধিকাৰ।ইফালে উক্ত দিনাই বিহালী বাসীয়ে বেদেতীত লাভ কৰিব ডিগ্ৰী কলেজ। ৪ অক্টোবৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত উক্ত কলেজৰ আধাৰশিলা স্থাপন কৰিবলৈ বিহালীত উপস্থিত হব মন্ত্ৰী পীযুষ হাজৰীকা আৰু শিক্ষা মন্ত্ৰী ৰণোজ পেগু। শুকুৰবাৰে সংবাদমেল যোগে এই কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰে পীযুষ হাজৰীকাই।
আজি বিহালীত অনুষ্ঠিত কৰা সংবাদ মেলতে কংগ্ৰেছৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মলিকাৰ্জুন খৰ্গেৰ পুত্ৰ প্ৰিয়াংক খৰ্গেৰ বিৰুদ্ধে জাঙুৰ খাই উঠে মন্ত্ৰী পীযুষ হাজৰীকা। প্ৰিয়াংক খৰ্গেক ক্ষমা খুজিবলৈও দাবী জনাই মন্ত্ৰী গৰাকীয়ে। জাগীৰোডৰ ছেমি কণ্ডাক্টৰ নিৰ্মাণ হোৱা সন্দৰ্ভত প্ৰিয়াংক খৰ্গে কৰা মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি বিনা চৰ্তে ক্ষমা খোজাৰ দাবী জনায়।
লগতে অসম কংগ্ৰেছৰ সভাপতি ভূপেন বৰা,সাংসদ গৌৰব গগৈ,ৰকিবুল হুছেইন আৰু প্ৰদ্যুত বৰদলৈক নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰো দাবী কৰে মন্ত্ৰী হাজৰীকাই। আনহাতে আজিৰ এই সংবাদমেলৰ পূৰ্বে এখন দলীয় সভাতো অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই।