ৰাজ্যৰ সংবাদ মাধ্যৰ সম্পাদক, কাৰ্যবাহী সম্পাদকৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ বিশেষ বৈঠক…

ৰাজ্যৰ সংবাদ মাধ্যৰ সম্পাদক, কাৰ্যবাহী সম্পাদকৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ বিশেষ বৈঠক…

author-image
asomiyapratidin
New Update
ৰাজ্যৰ সংবাদ মাধ্যৰ সম্পাদক, কাৰ্যবাহী সম্পাদকৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ বিশেষ বৈঠক…

ডিজিটেল ডেস্ক : অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ মুখপাত্ৰ পীযুষ হাজৰিকাই স্বাধীনতাৰ অমৃত মহোৎসৱৰ বিশেষ ক্ষণত মঙলবাৰে ৰাজ্যখনৰ বৈদ্যুতিন মাধ্যম আৰু বাতৰি কাকতৰ সম্পাদক আৰু কাৰ্যবাহী সম্পাদকসকলৰ সৈতে এক সৌজন্যমূলক আলোচনাত মিলিত হয় ।

মন্ত্ৰীগৰাকীয়ে এই আলোচনাত সাংবাদিক সকলৰ বিভিন্ন সমস্যা সম্পৰ্কে বুজ লোৱাৰ লগতে এখন উমৈহতীয়া সমিতি গঠন কৰি সাংবাদিকসকলৰ সকলো সমস্যা তথা বিষয় লিপিবদ্ধ ৰূপত উপস্থাপন কৰিবলৈ আহ্বান জনায় যাতে চৰকাৰে পৰ্যায়ক্ৰমে সমস্যাসমূহ সমাধানৰ বাবে ব্যৱস্থা ল'ব পাৰে ।

আৰু পঢ়ক :অসমবাসীৰ "নয়নৰ মণি"ক স্ব-গৃহত বিপুল আদৰণি…

assam pijush hazarika guwahati meeting