/asomiyapratidin/media/media_files/2025/05/20/enK1RPPPZWls4bfawm1X.jpg)
ডিজিটেল ডেস্কঃ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই আজি নগাঁও জিলাৰ অন্তৰ্গত কলিয়াবৰৰ হাতীমুৰা আৰু গোলাঘাট জিলাৰ বোকাখাতৰ বংকোৱালত উপস্থিত হৈ বানত ক্ষতিগ্ৰস্ত মথাউৰিৰ মেৰামতিৰ কামৰ বুজ লয়। এই ভ্ৰমণৰ সময়ত উপস্থিত সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, যোৱা বছৰ ব্ৰহ্মপুত্ৰ নদীয়ে শ্লুইছ গেটৰ সমীপৰ হাতীমুৰাৰ কলংমুখত মথাউৰিৰ এটা অংশ ভাঙি পেলাইছিল।
এই ঘটনাই বৃহৎ অঞ্চল প্লাৱিত কৰি বিধ্বংসী ৰূপ ধাৰণ কৰে। তেওঁ কয় যে জলসম্পদ বিভাগৰ কৰ্মীসকলে জিঅ’-বেগ, পৰকিউপাইন, আৰু অন্যান্য সামগ্ৰী ব্যৱহাৰ কৰি শ্লুইছ গেটৰ সন্মুখত এটা কফাৰডেম নিৰ্মাণ কৰিছিল। এই প্ৰচেষ্টাৰ ফলত ভংগ হোৱা প্ৰায় ৭০ মিটাৰ খণ্ডটো পুনৰ সংযোগ কৰিব পৰা হয়। পৰৱৰ্তী সময়ত বান সুৰক্ষাৰ আন্তঃগাঁথনি শক্তিশালী কৰিবৰ বাবে সেই স্থানত জিঅ’-টিউব স্থাপন কৰা হয়।
/asomiyapratidin/media/media_files/2025/05/20/zJ0dJayNejWfz0AGn7eg.jpeg)
মন্ত্ৰী হাজৰীকাই আৰু কয় যে আগন্তুক বাৰিষাত জনসাধাৰণৰ অসুবিধা ৰোধৰ বাবে জৰুৰী কামৰ প্ৰয়োজন হ’ব পৰা সকলো সামগ্ৰী যেনে জিঅ’-বেগ, পৰকিউপাইন, চেণ্ড বেগ আদি পৰ্যাপ্ত পৰিমাণে সকলো জিলাতে যোগান ধৰা হৈছে। সমান্তৰালভাৱে তেওঁ উল্লেখ কৰে যে কলং নদীৰ প্ৰবাহ পুনৰ প্ৰতিষ্ঠা কৰাৰ বাবে খননৰ কাম আকৌ অতি সোনকালে আৰম্ভ কৰা হ’ব।
মন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ সময়ত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা আদি মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্তও উপস্থিত থাকে। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে গোলাঘাত জিলাৰ বোকাখাত সমষ্টিৰ অন্তৰ্গত বংকোৱালৰ ৰিৰি গাঁৱৰ ব্ৰহ্মপুত্ৰ নদীয়ে খহনীয়াৰ সৃষ্টি কৰি অহা এটা স্থান পৰিদৰ্শন কৰে।
এই অঞ্চল পৰিদৰ্শন কৰাৰ পিছত তেওঁ জলসম্পদ বিভাগৰ অভিযন্তা আৰু বিষয়াসকলক খহনীয়াৰ বিৰুদ্ধে তাৎক্ষণিক প্ৰতিৰোধমূলক কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ উল্লেখ কৰে যে, এই স্থানত স্থায়ী সুৰক্ষাৰ বাবে এছিয়ান ডেভেলপমেণ্ট বেংকৰ অধীনত প্ৰায় ৮৫০ মিটাৰ দৈৰ্ঘ্যৰ প্ৰায় ৯ কোটি টকা ব্যয়ৰ এটা প্ৰকল্প ইতিমধ্যে অনুমোদন কৰা হৈছে।এই প্ৰকল্পটো বাৰিষাৰ শেষত ডিচেম্বৰ মাহত আৰম্ভ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে ।
/asomiyapratidin/media/media_files/2025/05/20/arpQmKKGgBags8GXwvwz.jpeg)
মন কৰিবলগীয়া যে যোৱা বছৰৰ বাৰিষাৰ সময়ত ব্ৰহ্মপুত্ৰৰ নদীৰ বানপানীয়ে বংকোৱালৰ এটা মথাউৰি ভাঙি পেলাইছিল। ক্ষতিগ্ৰস্ত অংশটোৰ সন্মুখত এটা কফাৰডেম নিৰ্মাণ কৰা হৈছিল আৰু ছটা জিঅ’-টিউব ব্যৱহাৰ কৰি মথাউৰিটো তৎক্ষণাত পুনৰ সংযোগ কৰা হৈছিল।
আজি মন্ত্ৰীগৰাকীয়ে পুনৰ এই স্থান পৰিদৰ্শন কৰি মথাউৰিটোৰ বৰ্তমানৰ অৱস্থাৰ বুজ লয় আৰু আগন্তুক বাৰিষাত যাতে ই সুৰক্ষিত হৈ থাকে আৰু স্থানীয় ৰাইজৰ বানৰ ফলত কোনো অসুবিধা নহয় তাৰ বাবে সকলো প্ৰাসংগিক দিশ পৰ্যালোচনা কৰে । মন্ত্ৰী হাজৰিকাই জলসম্পদ বিভাগে অতি কম সময়ত কামটো সম্পূৰ্ণ কৰাৰ বাবে শলাগ লয়।
/asomiyapratidin/media/media_files/2025/05/20/dRLVMkeS7AfvHFxW3lwt.jpeg)
তেওঁ আৰু উল্লেখ কৰে যে জিঅ’ মেগা টিউবৰ ব্যৱহাৰে সমগ্ৰ ৰাজ্যতে মথাউৰি প্ৰকল্পসমূহ দীৰ্ঘম্যাদী কৰি তুলিছে আৰু ইয়াৰ ফলপ্ৰসূতা যথেষ্ট বৃদ্ধি কৰিছে। জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা আৰু অন্যান্য বিষয়াসকলে মন্ত্ৰীগৰাকীৰ আজি এই ভ্ৰমণৰ সময়ত উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us