সমষ্টিয়ে সমষ্টিয়ে ইখনৰ পিছত সিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ ৬ টা দিনহে বাকী। পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসকীয় দল BJP নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তোলা পৰিলক্ষিত হৈছে।

author-image
Tushar Pratim
New Update
সমষ্টিয়ে সমষ্টিয়ে ইখনৰ পিছত সিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

ডিজিটেল ডেস্কঃ আজি সফলতাৰে অন্ত পৰিল প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু ৬ টা দিনহে বাকী। পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসকীয় দল বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তোলা পৰিলক্ষিত হৈছে।

Advertisment

বিজেপিৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী পীযুষ হাজৰীকাই সমষ্টিয়ে সমষ্টিয়ে গৈ ইখনৰ পিছত সিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈছে। মন্ত্ৰীগৰাকীয়ে প্ৰতিখন প্ৰচাৰ সভাত বিৰোধী দল কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে উন্নয়ন, বিকাশ আৰু সমৃদ্ধিৰ বাবে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনাইছে।

সমষ্টিয়ে সমষ্টিয়ে ইখনৰ পিছত সিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

আগন্তুক পঞ্চায়ত নিৰ্বাচন উপলক্ষে মন্ত্ৰীগৰাকীয়ে আজিও কেবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। শক্তিশালী পঞ্চায়তীৰাজ, সমৃদ্ধিশালী অসমৰ লক্ষ্যৰে ভাৰতীয় জনতা পাৰ্টিৰ বৰলীয়া ব্লক মণ্ডলৰ উদ্যোগত তৰণীস্থিত আৰিমত্ত মিনি ষ্টেডিয়ামত আজি অনুষ্ঠিত বিজেপি মিত্ৰজোঁটৰ এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰীগৰাকী উপস্থিত থাকি ৰাইজক সম্বোধন কৰে। 

কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে ৬০ বছৰে শাসনৰ গাদীত বহা কংগ্ৰেছ দলে অসমৰ উন্নয়নৰ বাবে একো নকৰিলে বুলি উল্লেখ কৰে। কংগ্ৰেছ দলে অসমত ৬০ বছৰ শাসন কৰি মাত্ৰ ৬ খনহে মেডিকেল কলেজ বনোৱা বুলি ভাষণত উল্লেখ কৰে। 

সমষ্টিয়ে সমষ্টিয়ে ইখনৰ পিছত সিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

ইয়াৰ বিপৰীতে ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে প্ৰায় ১০ বছৰত অসমত ১৮ খন মেডিকেল কলেজ বনোৱা বুলি উল্লেখ কৰে। আনহাতে, চাংচাৰিস্থিত এইমছখনক লৈ অসমত বিজেপি চৰকাৰে ১৯ খন মেডিকেল কলেজ বনোৱা বুলি কয়। 

ভাষণৰ মাজতে মন্ত্ৰীগৰাকীয়ে অহা আগষ্ট মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিব বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ শতবৰ্ষ জয়ন্তী উদ্বোধন কৰিবলৈ অসমলৈ আহিব বুলি উল্লেখ কৰি সেইদিনাই প্ৰধানমন্ত্ৰীয়ে দৰঙত মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব বুলি জানিবলৈ দিয়ে। 

সমষ্টিয়ে সমষ্টিয়ে ইখনৰ পিছত সিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

ইয়াকে লৈ অসমত মেডিকেল কলেজ হ’ব ২০ খন হ’ব বুলি মন্ত্ৰীগৰাকীয়ে অৱগত কৰে। তেওঁ কয় যে আগতে এই অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজৰ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট কষ্ট হৈছিল। 

চিকিৎসা গ্ৰহণৰ বাবে এই অঞ্চলৰ ৰাইজে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ যাব লাগিছিল। কিন্তু আজি সেই পৰিৱেশ নাই, মাত্ৰ ৯ বছৰৰ ভিতৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সেই পৰিৱেশ নোহোৱা কৰিলে। 

মাত্ৰ ৯ বছৰত এই ব্যাপক পৰিৱৰ্তন হ’ল বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে এনেদৰে বিজেপি চৰকাৰৰ দিনত ৰঙিয়াত হোৱা উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰে। 

সমষ্টিয়ে সমষ্টিয়ে ইখনৰ পিছত সিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

ৰাস্তা-ঘাটৰ উপৰি ৰঙিয়াত আইন মহাবিদ্যালয়, পিজি কলেজ, ষ্টেডিয়াম, আই টি আই আদি হোৱা তেওঁ বুলি কোৱাৰ লগতে ৰঙিয়া অঞ্চলৰ গৰাখহনীয়া সমস্যাও সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। মন্ত্ৰীগৰাকীয়ে অসমৰ শিক্ষাৰ ক্ষেত্ৰততো আমূল পৰিৱৰ্তন বিজেপি চৰকাৰে অনা বুলি উল্লেখ কৰে। 

তেওঁ কয় যে আগতে অসমত ৫ খনহে বিশ্ববিদ্যালয় আছিল, কিন্তু এতিয়া জিলাই জিলাই বিশ্ববিদ্যালয় হ’ল। বিজেপি চৰকাৰৰ দিনত ৰাজ্যখনৰ ক’ত ক’ত বিশ্ববিদ্যালয় নিৰ্মাণ কৰা হৈছে তাৰ তথ্যও মন্ত্ৰীগৰাকীয়ে ভাষণত দাঙি ধৰে। 

মন্ত্ৰীগৰাকীয়ে কৃষক ৰাইজক সকাহ দিয়াৰ কাৰণে ন্যূনতম সমৰ্থন মূল্যত চৰকাৰে ধান ক্ৰয় কৰাৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে ৬ মাহ যুঁজ দি ধানত এম এছ পি দিলে। 

সমষ্টিয়ে সমষ্টিয়ে ইখনৰ পিছত সিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

ধানৰ লগতে মাকৈ, সৰিয়হ, ঘেহুতো এম এছ পি দিয়া হ’ল। যাৰ ফলত কৃষক ৰাইজ যথেষ্ট লাভান্বিত হৈছে বুলি তেওঁ উল্লেখ কৰে।এইদৰে বিজেপি চৰকাৰে ৰাইজৰ কাৰণে কাম কৰিছে বুলি উল্লেখ কৰি আৰু অধিক কাম কৰাৰ মন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে।

ইয়াৰ সমান্তৰালকৈ মন্ত্ৰীগৰাকীয়ে চৰকাৰী বিভিন্ন উন্নয়নমূলক আঁচনি যেনে অৰুণোদয়, নিযুত মইনা আদিৰ কথা উল্লেখ কৰাৰ লগতে আয়ুষ্মান কাৰ্ড, ৰেচন কাৰ্ড থাকিলে কি কি সুবিধা লাভ কৰে সেই বিষয়ে ব্যাখ্যা দাঙি ধৰে।এইখন চৰকাৰে এটকা এটা নিদিয়াকৈ চৰকাৰী চাকৰি পাব পৰাৰ সুবিধা কৰি দিয়াৰ কথাও উল্লেখ কৰি তেওঁ কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত চাকৰি ল’বলৈ যাওঁতে অসমীয়া ছোৱালীৰ সতীত্ব হানি হৈছিল। 

এতিয়া এনেকুৱা ঘটনা ক’ৰবাত সংঘটিত হৈছে নেকি বুলি তেওঁ ৰাইজক প্ৰশ্ন কৰে। তেওঁ কয় যে এক লাখ চাকৰি দিয়া কথাটো কোনেও ভাবিবই নোৱাৰে, যিটো কাম মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰি দেখুৱালে। 

এটকাৰো দুৰ্নীতি নোহোৱাকৈ চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বুলি তেওঁ কয়। আনহাতে, মন্ত্ৰীগৰাকীয়ে এপ্ৰিল মাহৰ পৰা চৰকাৰে বিদ্যুতৰ বিল হ্ৰাস কৰাৰ বিষয়ে উল্লেখ কৰি আগতে কংগ্ৰেছৰ দিনত বিদ্যুতৰ বিল কমিছিল নেকি বুলিও প্ৰশ্ন কৰে। 

সমষ্টিয়ে সমষ্টিয়ে ইখনৰ পিছত সিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

তেওঁ কয় যে এতিয়া আমি লাইটৰ বিল দুবাৰ দুবাৰ কমাও। গতিকে এইদৰে আমি ৰাইজক সেৱা কৰিছো আৰু এইদৰে আমি সেৱা কৰি যাম বুলি তেওঁ ভাষণত উল্লেখ কৰে। 

মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ ধনেৰে মহিলাসকলক ব্যৱসায় কৰিবলৈ আহ্বান জনাই নিজকে স্বাৱলম্বনৰ দিশত আগবাঢ়ি যাবলৈ কয়। মন্ত্ৰীগৰাকীয়ে বিজেপি দলৰ প্ৰাৰ্থীসকলক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনাই কয় যে কংগ্ৰেছক জিকাই লাভ নাই। 

অৱশ্যে এনেও কংগ্ৰেছ নিজিকে বুলি মন্ত্ৰীগৰাকীয়ে দাবী কৰে। য’ত কংগ্ৰেছে জিকিব বুলি ভাবে জিলা পৰিষদৰ প্ৰাৰ্থীৰ পৰা ৩০ লাখ কৈ টকা লোৱা বুলি মন্ত্ৰীগৰাকীয়ে অৱগত কৰে। 

সমষ্টিয়ে সমষ্টিয়ে ইখনৰ পিছত সিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

তেওঁ কয় যে এইবোৰ কাৰণতে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ গাড়ী ভাঙিছে টকা দিও টিকট নোপোৱা প্ৰাৰ্থীয়ে। এই বিষয়ে সংবাদ মাধ্যমত বাতৰি ওলাই গৈছে। ইয়াৰ পাছত ভূপেন বৰাই কমিটী বনাই দিছে। 

কমিটী বনাই ১৮ টা তেনেকুৱা অভিযোগ অহা বুলি ভূপেন বৰাই কৈছে। কংগ্ৰেছক কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে যিয়ে কমিটী বনাইছে, এতিয়া তেওঁলোকেও টকা খাব। কংগ্ৰেছৰ কমিটীৰ কোনো মূল্য নাই। 

এই সভাত স্থানীয় বিধায়ক ভৱেশ কলিতা, অসম যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাসহ বহুকেইগৰাকী দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক বিপুল ভোটত জয়ী কৰিবলৈ ৰাইজক আহ্বান জনায়। 

উল্লেখ্য যে এই সভাতে ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ বহুসংখ্যক ব্যক্তিয়ে বিজেপি দলত যোগদান কৰে। ইপিনে, মন্ত্ৰীগৰাকীয়ে আজি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি কংগ্ৰেছ দলৰ সাংসদ গৌৰৱ গগৈক পুনৰ আক্ৰমণ কৰে। 

সমষ্টিয়ে সমষ্টিয়ে ইখনৰ পিছত সিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

দেশৰ সংসদৰ বিৰোধী উপ-দলপতি হৈয়ো এগৰাকী সাংসদৰ সন্তানে যদি ভাৰতীয় নাগৰিকত্ব নলয়, তেন্তে নৈতিকভাৱে বহুতো প্ৰশ্ন উত্থাপন হোৱাটো স্বাভাৱিক বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। জনতাৰ মনত উদয় হোৱা এনে প্ৰশ্নৰ যথোচিত উত্তৰ সাংসদজনে দিয়াটো অতিকৈ গুৰুত্বপূৰ্ণ বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে কমলপুৰ বিধানসভা সমষ্টিৰ সাজেই-দগাঁও চক আৰু বৰগাঁও খেলপথাৰত বিজেপি-অগপ মিত্ৰজোঁ‌টৰ দুখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ৰাইজৰ ব্যাপক উৎসাহ আৰু পাৰভঙা সহাঁৰি দেখি মন্ত্ৰীগৰাকী অভিভূত হৈ পৰে। 

জনতাৰ এই পাৰভঙা সহাঁৰিয়ে বিজেপিৰ নিশ্চিত বিজয়ৰ ইংগিতকে প্ৰদান কৰা বুলি তেওঁ ভাষণত উল্লেখ কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি ৰাজ্যৰ সকলো স্তৰত উন্নয়নৰ যাত্ৰা অব্যাহত ৰাখিছোঁ। 

আজিৰ সভা দুখনত ৰাইজৰ বিপুল সঁহাৰি, সমৰ্থন তথা বিজেপি মিত্ৰজোঁটৰ প্ৰতি থকা আস্থা-বিশ্বাস প্ৰত্যক্ষ কৰি মই অভিভূত হৈছোঁ। সভাত বিধায়ক দিগন্ত কলিতা, প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা, অসম যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাসহ বহুসংখ্যক দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে। 

মন্ত্ৰীগৰাকীয়ে দক্ষিণ কামৰূপৰ সাতপাৰাৰ দুৰ্গা পূজা মন্দিৰ প্ৰাংগণ আৰু লোহাৰঘাট সাপ্তাহিক বজাৰত আন দুখন বিজেপি মিত্ৰজোঁটৰ পঞ্চায়ত নিৰ্বাচনী সভাত উপস্থিত থাকি ভাষণ দাঙি ধৰে। সভাত অংশ লৈ ৰাইজক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে চৰকাৰে গ্ৰহণ কৰা জনকল্যাণমূলক আঁচনি, সুবিধাসমূহৰ বিষয়ে সকলোকে অৱগত কৰে। 

ৰাজ্যৰ তৃণমূল পৰ্যায়ত উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে বিজেপি মিত্ৰজোঁট সমৰ্থিত প্ৰাৰ্থীসকলক ভোট দি জয়ী কৰিবলৈ মন্ত্ৰীগৰাকীয়ে সকলোকে আহ্বান জনায়। সভাত বিধায়ক হেমাংগ ঠাকুৰীয়া, প্ৰাক্তন বিধায়ক প্ৰণৱ কলিতা, দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামী, অসম যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হিমাংশু শেখৰ বৈশ্যসহ যথেষ্টসংখ্যক দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে।

বিজেপি পীযুষ হাজৰীকা পঞ্চায়ত নিৰ্বাচন