আজমল যদি সুমেৰুত, আমি কুমেৰুত : মন্ত্ৰী পীযুষ হাজৰিকা

আজমল যদি সুমেৰুত, আমি কুমেৰুত : মন্ত্ৰী পীযুষ হাজৰিকা

ডিজিটেল ডেস্ক : 'আজমলৰ প্ৰতীকেৰে অসমত বহুত মানুহ আছে। তাৰ মাজত লাভ জেহাদী আছে, ডকাইত আছে, চোৰো আছে।' এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। সম্প্ৰতি চৰ্চা লাভ কৰা এটা বিষয় 'আজমলহঁত’। এই আজমলহঁত কোন বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰ মন্ত্ৰীগৰাকীয়ে এনেদৰে মন্তব্য কৰে।

মন্ত্ৰীগৰাকীয়ে কয়- আজমল এটা প্ৰতীক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আজমল এটা প্ৰতীক। এই 'আজমলহঁত’ত মাটি দখল কৰা মানুহ আছে। আমাৰ যিটো লেণ্ড জেহাদ বুলি কয়, লাভ জেহাদ বুলি কয়, সেইবোৰ আজমলহঁতত আছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে আজমল বিষয়টোত খিলঞ্জীয়া মুছলমানসকলৰ কথা অহা নাই।

এই আজমলৰ প্ৰতীকত আব্দুল খালেকো আছে, বাংলাদেশীয়মূলৰ মানুহখিনিৰ মাজতেই লাভ জেহাদী আছে, ভূমি জেহাদী আছে, চোৰ-ডকাইতৰ সংখ্যা বেছি আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

অৱশ্যে আজমলে চেলেং চাদৰ দলিয়াই দিয়া প্ৰসংগত কোনো প্ৰতিক্ৰিয়া দিয়াৰ পৰা বিৰত থাকে মন্ত্ৰী হাজৰিকা। কিন্তু তাৰমাজতে তেওঁ কয়- আজমলৰ লগত আমাৰ কোনো মতলব নাই। আজমল যদি সুমেৰুত, আমি কুমেৰুত। এটা কথা ঠিক যে 'আজমলহঁত’ৰ পৰা আমি অসমীয়া জাতিটো বাচিব লাগিব। তাৰ কাৰণে আমি সকলোৱে একলগ হ’ব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

প্ৰসংগক্ৰমে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে,মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে বুজাই দিছে যে 'আজমলহঁত’ৰ মাজত কোন কোন আছে। আজমলহঁতৰ মাজত বাংলাংদেশীয় মূলৰ মুছলমান আছে।

আজমল যদি সুমেৰুত, আমি কুমেৰুত : মন্ত্ৰী পীযুষ হাজৰিকা
ৰাষ্ট্ৰীয় বঁটা প্ৰাপক চলচ্চিত্ৰ পৰিচালক হেমেন দাস আৰু নাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in