লখিমপুৰৰ তেলীয়াপথাৰ ঘণচৰাই অঞ্চলৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ...

সোৱনশিৰি নদীয়ে ভীমপৰা - ন আলী মথাউৰিত খহনীয়াৰ সৃষ্টি কৰি বিস্তৰ ক্ষতি কৰিছিল

author-image
Asomiya Pratidin
New Update
লখিমপুৰৰ তেলীয়াপথাৰ ঘণচৰাই অঞ্চলৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ...

pijush hazarika at lakhimpur teliapothar

ডিজিটেল ডেস্ক : লখিমপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত তেলীয়াপথাৰ ঘণচৰাই অঞ্চলত সোৱনশিৰি নদীয়ে ভীমপৰা - ন আলী মথাউৰিত খহনীয়াৰ সৃষ্টি কৰি বিস্তৰ ক্ষতি কৰিছিল। বুধবাৰে মন্ত্ৰী পীযুষ হাজৰিকাই সাংসদ প্ৰদান বৰুৱা আৰু মাননীয় বিধায়ক মানৱ ডেকাৰ সৈতে এই খহনীয়া পৰিদৰ্শন কৰে।

Advertisment
pijush hazarika at lakhimpur teliapothar
pijush hazarika at lakhimpur teliapothar

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে জলসম্পদ বিভাগে এই খহনীয়া প্ৰতিৰোধৰ বাবে ইতিমধ্যে প্ৰচেষ্টা হাতত লৈছে। বুধবাৰে পৰিদৰ্শন সময়ত জলসম্পদ বিভাগে হাতত লোৱা পদক্ষেপ সমূহৰ বুজ লোৱাৰ লগতে অতি ক্ষিপ্ৰতাৰে এই কাম সমূহ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।

আনহাতে, খহনীয়া পৰিদৰ্শনৰ সময়ত লখিমপুৰ জিলা উপায়ুক্ত, সমাজ সেৱক ফণীধৰ বৰুৱা তথা জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

assam pijush hazarika lakhimpur