/asomiyapratidin/media/media_files/2025/03/21/vdR05HDRktof6KJ4PymA.jpg)
খহনীয়া প্ৰতিৰোধী কাম পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ
ডিজিটেল ডেস্ক: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই শুকুৰবাৰে পৰিদৰ্শন কৰে ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ আৰু বুঢ়ীদিহিং নদীৰ খহনীয়া প্ৰতিৰোধী কাম। ডিব্ৰুগড় চহৰক বান-খহনীয়াৰ প্ৰকোপৰ পৰা ৰক্ষা কৰিবলৈ জলসম্পদ বিভাগৰ তৎপৰতাত চলি থকা কামত সন্তোষ্টি প্ৰকাশ কৰিলে মন্ত্ৰীগৰাকীয়ে।
ডিব্ৰুগড় চহৰখনক ব্ৰহ্মপুত্ৰৰ বান-খহনীয়াৰ আশংকাৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যৰে জলসম্পদ বিভাগে চহৰখনৰ গাতে লাগি থকা ব্ৰহ্মপুত্ৰ নদীত মাইজানৰ পৰা মোহনাঘাটলৈ কৰি আছে খহনীয়া প্ৰতিৰোধী কাম। ইয়াৰে ডিটিপি ডাইকত চলি থকা দুটা স্পাৰৰ কাম আৰু মোহনাঘাটত জিঅ' বেগ, পাৰ্কুপাইন, এপ্ৰনেৰে চলি থকা খহনীয়া প্ৰতিৰোধী কাম পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰীগৰাকীয়ে। তেওঁক সংগ দিয়ে স্থানীয় বিধায়ক তথা মন্ত্ৰী প্ৰশান্ত ফুকনে।
উল্লেখ্যযোগ্য যে, বিগত বৰ্ষত প্ৰায় ৭৮ কোটি টকা ব্যয়সাপেক্ষে দুটা স্পাৰ নিৰ্মাণ, জিঅ' বেগ, এপ্ৰন আৰু পাৰ্কুপাইন স্থাপনেৰে খহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে এই প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছিল। ইতিমধ্যে এই প্ৰকল্পৰ অধীনত প্ৰায় ৯৫ শতাংশ খহনীয়া প্ৰতিৰোধী কাম সম্পূৰ্ণ হৈছে । এই কামখিনি সম্পূৰ্ণ হোৱাৰ পাছত ডিব্ৰুগড় চহৰখন খহনীয়াৰ আশংকাৰ পৰা মুক্ত হ'ব বুলি মন্ত্ৰী হাজৰীকাই আশা প্ৰকাশ কৰে ।
পাছত মন্ত্ৰী হাজৰীকাই মন্ত্ৰী বিমল বড়াৰ সৈতে টিংখং সমষ্টিৰ অধীনৰ খোৱাং কলৌলোৱা দেউৰী গাঁও আৰু খামটিঘাট ৩নং চৰাইহাবি গাঁৱত উপস্থিত হৈ বুঢ়ীদিহিং নদীৰ খহনীয়া প্ৰতিৰোধী কাম পৰিদৰ্শন কৰে । উল্লেখনীয় যে, বুঢ়ীদিহিং নৈৰ খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগৰ অধীনত কেইবাটাও সমষ্টিজুৰি বিশ্ববেংকৰ পৰা লোৱা পুঁজিৰে কাম চলি আছে। ইয়াৰে ১৭২ কোটি টকা পুঁজিৰ খহনীয়া প্ৰতিৰোধী প্ৰকল্পৰ অধীনত টিংখং সমষ্টিত চলি থকা কামৰ অংশবিশেষ পৰিদৰ্শন কৰি মন্ত্ৰী হাজৰীকাই আশা প্ৰকাশ কৰে যে অনাগত দিনত এই অঞ্চলটো বান আৰু খহনীয়াৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ সক্ষম হ'ব।