গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত মন্ত্ৰী পিয়ুষ হাজৰীকা…

গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত মন্ত্ৰী পিয়ুষ হাজৰীকা…

author-image
asomiyapratidin
New Update
গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত মন্ত্ৰী পিয়ুষ হাজৰীকা…

ডিজিটেল ডেস্ক: মঙলবাৰে "গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়"ত উপস্থিত হয় মন্ত্ৰী পিয়ুষ হাজৰিকা। বিদ্যালয়খনত উপস্থিত হৈ মন্ত্ৰী হাজৰিকাই অসমৰ বিভিন্ন স্থানৰ প্ৰায় ৯৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰি থকা বিদ্যালয়খনৰ শ্ৰেণী কোঠা, নিৰ্মীয়মান বিদ্যালয় গৃহ আদি পৰ্যবেক্ষণ কৰে।

Advertisment

ইয়াৰোপৰি বিদ্যালয় খনৰ প্ৰধান শিক্ষয়ত্ৰী আৰু শিক্ষক সকল সৈতে বিদ্যালয় খনৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে লগতে বিদ্যালয়ৰ সমস্যা সমূ্হৰ ক্ষিপ্ৰ সমাধানৰ বাবে বিভাগৰ সঞ্চালক নিৰ্দেশ দিয়ে।

উল্লেখ্য যে মন্ত্ৰী গৰাকীয়ে বিদ্যালয়খন পৰিদৰ্শন কৰাৰ সময়ত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ প্ৰধান সচিব মুকেশ চাহু ডাঙৰীয়া আৰু সঞ্চালক কিশোৰ ঠাকুৰীয়া , দিব্যাংগ কল্যাণ বিভাগৰ সঞ্চালক,, কামৰূপ মেট্ৰো জিলাৰ সমাজ কল্যাণ বিষয়া প্ৰমুখ্যে বিভাগীয় বিষয়া সকল তথা আন আন সন্মানীয় ব্যক্তি সকল উপস্থিত থাকে।

আৰু পঢ়ক: অন্তঃসত্বা যুৱতীৰ ৰহস্যজনক মৃত্যু, আটক পত্নী সহ এজন…

assam pijus hazarika