মৰিগাঁৱৰ বান ক্ষতিগ্ৰস্ত এলেকা ভ্ৰমণ মন্ত্ৰী পিযুষ হাজৰিকাৰ, বন্যাৰ্তৰ লগত মত বিনিময়…

মৰিগাঁৱৰ বান ক্ষতিগ্ৰস্ত এলেকা ভ্ৰমণ মন্ত্ৰী পিযুষ হাজৰিকাৰ, বন্যাৰ্তৰ লগত মত বিনিময়…

author-image
asomiyapratidin
New Update
মৰিগাঁৱৰ বান ক্ষতিগ্ৰস্ত এলেকা ভ্ৰমণ মন্ত্ৰী পিযুষ হাজৰিকাৰ, বন্যাৰ্তৰ লগত মত বিনিময়…

ডিজিটেল সংবাদ, মৰিগাঁও: অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকাই সোমবাৰে মৰিগাঁও জিলাৰ বিভিন্ন স্থান ভ্ৰমণ কৰি শেহতীয়াকৈ বানত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসকলৰ ক্ষয় ক্ষতিৰ বুজ লয় |

Advertisment

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ইতিমধ্যেই অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এচ আব্বাচীৰ নেতৃত্বত ৫০ জনীয়া চৰকাৰী বিষয়া কৰ্মচাৰীৰ এটা দলে জিলাখনৰ বিভিন্ন স্থানত বানত ক্ষতিগ্ৰস্ত লোকসকলৰ ক্ষয় ক্ষতিৰ বুজ লৈ জিলা প্ৰশাসনে প্ৰদান কৰা তথ্যৰ সত্যাসত্য নিৰূপণ কৰি আছে |

মৰিগাঁও জিলাৰ দায়িত্ব লাভ কৰা মন্ত্ৰী পীযুষ হাজৰীকাইও আজি জিলা উপায়ুক্তক লগত লৈ জিলাখনৰ কেইবাস্থানতো শেহতীয়া বানত ক্ষতি হোৱা ঘৰ পৰিদৰ্শন কৰি তেনে পৰিয়ালৰ লোকৰ সৈতে মত বিনিময় কৰে |

আৰু পঢ়ক: লাভলীনাৰ বাবে অতিশীঘ্ৰই প্ৰশিক্ষকৰ ব্যৱস্থা কৰাৰ আহ্বান এম ৱাই এ এছৰ…

assam morigaon flood pijus hazarika