নিচা মুক্তি কেন্দ্ৰত মন্ত্ৰী পিযুষ হাজৰিকাৰ চাডেন ভিজিট, পোহৰলৈ আহিল ভয়ংকৰ ছবি

নিচা মুক্তি কেন্দ্ৰত মন্ত্ৰী পিযুষ হাজৰিকাৰ চাডেন ভিজিট, পোহৰলৈ আহিল ভয়ংকৰ ছবি

author-image
asomiyapratidin
New Update
নিচা মুক্তি কেন্দ্ৰত মন্ত্ৰী পিযুষ হাজৰিকাৰ চাডেন ভিজিট, পোহৰলৈ আহিল ভয়ংকৰ ছবি

ডিজিটেল ডেস্ক: ৰাজ্যত বিভিন্ন সময়ত বহু এন জি অ বা অন্য প্ৰতিষ্ঠানৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈ অহা দেখা গৈছে। বিভিন্ন সময়ত একাংশই ৰিহাব চেন্টাৰ, শিশু গৃহ, বৃদ্ধাশ্ৰম আদিৰ নামত টকা লুটি বে আইনী কাৰ্যকালাপ কৰি অহা দেখা যায়।

Advertisment

ইয়াৰে মাজতে আজি মন্ত্ৰী পিযুষ হাজৰিকাই এটা নিচা মুক্তি কেন্দ্ৰত চাডেন ভিজিট কৰাত পোহৰলৈ আহে ভয়ংকৰ তথ্য। জানিব পৰা মতে জু ৰোড স্থিত এটা নিচা মুক্তি কেন্দ্ৰত চাডেন ভিজিট কৰে হাজৰিকাই।

মন্ত্ৰী গৰাকীয়ে শ্বেয়াৰ কৰা ভিডিঅ'ত দেখিবলৈ পোৱা যায় যে এটা সৰু কোঠাতে প্ৰায় ২০ জন ল'ৰা বহাই থোৱা হৈছে। অন্যহাতে বিচনা বুলিবলৈও ৰিহাব চেন্টাৰটোত একো নাই। ৰিহাৰ চেন্টাৰৰ এনে অৱস্থা দেখি ক্ষোভিত হৈ পৰে মন্ত্ৰী গৰাকী।

উল্লেখ্য যে, এমাহত এই ল'ৰা -ছোৱালী সকলৰ পৰা মাহত ১০ হাজাৰকৈ টকা লোৱা হয়। ঘটনা সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে বিভাগীয় কৰ্তৃপক্ষক তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে লগতে ৰিহাবত থকা আটাইকেইজনকে অন্য স্থানলৈ স্থানান্তৰিত কৰিবলৈ নিৰ্দেশ দিয়ে।

লগতে মন্ত্ৰী গৰাকীয়ে উক্ত স্থানত চোৱা চিতাৰ বাবে দুদিনৰ বাবে আৰক্ষী নিয়োগ কৰে । এই নিচা মুক্তি কেন্দ্ৰটোত প্ৰায় ৬০ গৰাকী ছোৱালীও আছে। লগতে এনে ৰিহাবৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব বুলি মন্ত্ৰী গৰাকীয়ে কয়।

উক্ত নিচা মুক্তি কেন্দ্ৰৰ চেন্টাৰটোৰ মালিকক এবাৰৰ বাবে সুযোগ দিয়ে মন্ত্ৰী গৰাকীয়ে লগতে কয় যে পুনৰ এনে ঘটনা হ'লে তেওঁলোকৰ বিৰুদ্ধে ক্ৰিমিনেল গোচৰ ৰুজু হ'ব। অন্যহাতে গুৱাহাটীৰ নিচা মুক্তি কেন্দ্ৰৰ মালিক সকলৰ লগত বৈঠকত মিলিত হব বুলিও কয় মন্ত্ৰী গৰাকীয়ে।

আৰু পঢ়ক: বোকাজানত কাৰ নেতৃত্বত চলে শিলৰ ছিণ্ডিকেট?

assam pijus hazarika