প্ৰিয়ংকা গান্ধী বিজেপিৰ সাধাৰণ কাৰ্যকৰ্তাৰ হাততে পৰাজিত হ'বঃ পীযুষ হাজৰীকা

প্ৰিয়ংকা গান্ধী বিজেপিৰ সাধাৰণ কাৰ্যকৰ্তাৰ হাততে পৰাজিত হ'বঃ  পীযুষ হাজৰীকা

ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক বৰপেটা লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাংসদ আব্দুল খালেকে আমন্ত্ৰণ জনোৱা সন্দৰ্ভত সোমবাৰে মন্তব্য আগবঢ়াই মন্ত্ৰী পীযুষ হাজৰীকাই। সাংবাদিকৰে হোৱা মত-বিনিময়ৰ সময়ত মন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰিয়ংকা গান্ধীৰ দৰে পৰিভ্ৰমী নেতা আহক। বৰপেটা সমষ্টিত আমাৰ বিজেপিৰে সাধাৰণ কাৰ্যকৰ্তা এজনৰ হাততেই তিনি লাখ ভোটত ধৰাশয়ী হ’ব প্ৰিয়ংকা গান্ধী।

সাংসদ আব্দুল খালেকে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক আমন্ত্ৰণ জনোৱা কাৰ্যক আদৰণিহে জনায় মন্ত্ৰীগৰাকীয়ে। উক্ত বিষয়তে সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে, কংগ্ৰেছ দলে গান্ধী পৰিয়ালৰ বাদে বেলেগ একো ভাবিব নোৱাৰে। গান্ধী পৰিয়ালক নিজে এৰি দিয়াটোৱেই তেওঁলোকৰ স্বভাৱ-চৰিত্ৰ। নিৰ্বাচন খেলি কেতিয়াও সমষ্টিলৈ নগৈ সমষ্টিৰ উন্নয়ন নিবিচৰাৰ বাবে সাজু আছে কংগ্ৰেছ দল।

লগতে মন্ত্ৰীগৰাকীয়ে কয় যে, বৰ্তমানৰ বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে জানে যে এইবাৰ নিৰ্বাচনত তেওঁ জয়ী হ’ব নোৱাৰে। দলে প্ৰাৰ্থিত্ব দিলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় বৰণ কৰি লাজ পোৱাত কৈ খালেকে প্ৰিয়ংকা গান্ধীক বৰপেটা সমষ্টিত নিৰ্বাচন খেলিবলৈ আমন্ত্ৰণ জনাইছে বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই।

এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে কৰা মন্তব্যত সাংবাদিকৰ আগত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে, যদিও এআইইউডিএফৰ লগত মতাদৰ্শৰ বৃহৎ পাৰ্থক্য আছে তথাপি আমিনুল ইছলামে কোৱা কথাটো নোহোৱা নহয়।

লগতে মন্ত্ৰীগৰাকীয়ে কয় যে, ২০০৯ চনত ওদাৰগুৰিত নৰসংসাৰ হৈছিল, তেতিয়া ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ আছিল। ডিমা হাচাওত ২০০৪ চনত যেতিয়া গোষ্ঠীগত সংঘৰ্ষ হৈছিল তেতিয়াও কংগ্ৰেছ শাসনত আছিল। ২০১২ চনত যেতিয়া কোকৰাঝাৰ চিৰাঙত গোষ্ঠীগত সংঘৰ্ষ হৈছিল সেই সময়তো অসমত কংগ্ৰেছ দলৰ চৰকাৰ আছিল। গতিকে এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে কৰা মন্তব্য মিছা নহয়।

প্ৰিয়ংকা গান্ধী বিজেপিৰ সাধাৰণ কাৰ্যকৰ্তাৰ হাততে পৰাজিত হ'বঃ  পীযুষ হাজৰীকা
'মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক' আৰু 'মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক' ঘোষণা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in