আমি আমাৰ দোষ মানি লৈছো, এনে কাম হ'ব নালাগিছিলঃ পিযুষ হাজৰিকা

সোমবাৰে অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকত ভাইৰেল হোৱাৰ বাবে বাতিল হয় বিজ্ঞানৰ পৰীক্ষা।

author-image
Asomiya Pratidin
New Update
অসমীয়া সম্পদ চুৰি কৰি তথাকথিত মিঞা মিউজিয়ামত ৰাখিছেঃ মন্ত্ৰী পিযুষ হাজৰিকা

পিযুষ হাজৰীকা

ডিজিটেল ডেস্কঃ সোমবাৰে অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকত ভাইৰেল হোৱাৰ বাবে বাতিল হয় বিজ্ঞানৰ পৰীক্ষা। ইয়াৰ পাছতেই সমগ্ৰ ৰাজ্যত বহু দল-সংগঠনে প্ৰতিবাদ সাৱ্যস্ত কৰিছে। ছেবা কৰ্তৃপক্ষ আৰু শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ পদত্যাগৰ দাবীত উত্তাল হৈ পৰিছে ৰাজ্য।

Advertisment

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী পিযুষ হাজৰিকাই।হাজৰিকাই কয় যে , এয়া অতি গৰিহণা যোগ্য, যিয়ে এই কাম কৰিছে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ’ব।

ছাত্র-ছাত্রীক এই অৱস্থা যিয়ে কৰিছে তাৰ পাপ লাগিব বুলিও কয় মন্ত্ৰী গৰাকীয়ে। লগতে কয় যে, সকলো বিষয়ৰে তদন্ত হ’ব, আমি বিষয়টো গুৰুত্ব সহকাৰে লৈছো। চৰকাৰক ৱদনাম কৰিবলৈও এনে কাম কৰে ।

দুষ্ট চক্র জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে হাজৰিকাই। দোষ মানি লৈ মন্ত্ৰী গৰাকীয়ে কয় যে এই ঘটনাৰ বাবে আমি দুখী আৰু আমি আমাৰ দোষ মানি লৈছো।এনে ভুল হ’ব নালাগিছিল।

Also Read: শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত উত্তাল মঙলদৈ...

pijus hazarika hslc