/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/aa1a2783-3e5a-4c96-82f6-8991f3704c87/pijus_hazarika.jpg)
pijus hazarika press meet
ডিজিটেল ডেস্ক: অসম চৰকাৰৰ মন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ মুখপাত্ৰ পীযুষ হাজৰিকাই দেওবাৰে দিছপুৰত এখন সংবাদমেলত কংগ্ৰেছ সভাপতি ভূপেন বৰাই চৰকাৰক নিযুক্তিৰ ক্ষেত্ৰত দুৰ্নীতি কৰা বুলি কৰা অভিযোগৰ প্ৰত্যুত্তৰ দিয়ে | মন্ত্ৰী গৰাকীয়ে কয় যে মণ্ডল কংগ্ৰেছৰ সভাপতি পদৰ দাম যি দলত ২ ৰ পৰা ৩ লাখ টকা, কাৰ্বি আংলং, গুৱাহাটী পৌৰ নিগম তথা ৰাজ্যখনৰ পৌৰ সভাসমূহৰ নিৰ্বাচনৰ সময়ত দলীয় টিকট দিয়াৰ নামত টকা বিচৰা বুলি যি দলত সভাপতিৰ বিৰুদ্ধে অভিযোগ আনি কৰ্মীসকলে দল ত্যাগ কৰিব লগা হৈছে সেই দলৰ সভাপতি জনে অসম চৰকাৰৰ নিকা নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতি হোৱা বুলি অভিযোগ অনা কথাটো ভূতৰ মূখত ৰাম নাম লোৱাৰ দৰে কথা |
মন্ত্ৰী হাজৰিকাই কয় যে বিগত এবছৰ ধৰি কংগ্ৰেছৰ ভিতৰচৰাত পদ বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে, এনে অৱস্থাত তেঁওলোকৰ সভাপতিজনে ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতি দেখা পোৱা কথাটো খাপচাৰা বিধৰ |
আনহাতে এজন ব্যক্তিয়ে চাকৰিৰ ক্ষেত্ৰত দুৰ্নীতি হোৱা বুলি অভিযোগ অনাৰ কথাতো উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে সেই ব্যক্তিগৰাকীৰ ওচৰত যদি কিবা তথ্য আৰু প্ৰমাণ আছে তেঁও আৰক্ষীৰ ওচৰত সেয়া জনাব লাগে | বেলেগ কোনোবা ব্যক্তিৰ হাততো যদি কোনো তথ্য প্ৰমাণ আছে সেয়া আৰক্ষীক জনাই চৰকাৰক নিকা নিযুক্তি প্ৰক্ৰিয়াত সহযোগিতা কৰিবলৈ মন্ত্ৰী গৰাকীয়ে আহ্বান জনায় |
"বৰ্তমান অসমৰ বিভিন্ন বেটেলিয়নত প্ৰশিক্ষণ লৈ থকা প্ৰায় ১৫০০০ ল’ৰা ছোৱালীক প্ৰত্যক্ষ কৰিলে সকলোয়ে বুজি পাব যে এই সকলো ল’ৰা ছোৱালীয়ে নিকা নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্ত হ’বলৈ সক্ষম হৈছে", মন্ত্ৰী গৰাকীয়ে কয় | মন্ত্ৰী হাজৰিকাই লগতে কয় যে ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত কোনোৱে টকা দি চাকৰি পাম বুলি ভাৱিবই নোৱাৰে |
অসমত টেট প্ৰক্ৰিয়াৰে শিক্ষক নিযুক্তিৰে অসমৰ তেতিয়াৰ শিক্ষামন্ত্ৰী তথা এতিয়াৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰথম বাৰৰ বাবে সম্পূৰ্ণ নিকা পদ্ধতিৰে নিযুক্তিৰ সূচনা কৰিছিল বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে এইদৰে টেট পৰীক্ষাৰে নিযুক্তি কৰাৰ ব্যৱস্থা কৰাৰটো তেতিয়াৰ একাংশ কংগ্ৰেছ নেতাৰ সৈতে ড০ হিমন্ত বিশ্ব শৰ্মাৰ মতানৈক্য হোৱাৰ অন্যতম কাৰণ আছিল | কিয়নো একাংশ কংগ্ৰেছ নেতাই তেতিয়া স্বজন তোষণেৰে চাকৰি দিয়াৰ পোষকতা কৰিছিল |
মন্ত্ৰী পীযুষ হাজৰিকাই লগতে অসমৰ সকলো চাকৰি প্ৰাৰ্থীকে কোনো দালালৰ পাকচক্ৰত নোসোমাবৰ বাবে আহ্বান জনায় কয় যে কোনো দালালেই অসমত এতিয়া আৰু চাকৰি দিব পৰাৰ পৰিৱেশ নাই |
আনহাতে কোনোয়ে চাকৰিৰ প্ৰলোভন দিলে শীঘ্ৰে আৰক্ষী অথবা চৰকাৰক জনাবলৈও মন্ত্ৰীগৰাকীয়ে সকলোকে আহ্বান জনায় যাতে তেনে দালালৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল'ব পৰা যায় | সাংবাদিকে ভিক্টৰ দাস নামৰ এজন ব্যক্তিক নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতি হোৱা বুলি অভিযোগ অনাৰ বাবে আৰক্ষীয়ে জিম্মাত লোৱা বিষয়ত মন্ত্ৰী গৰাকীক প্ৰশ্ন কৰাত মন্ত্ৰী গৰাকীয়ে কয় যে অভিযোগ কাৰীয়ে এতিয়ালৈ কোনো ব্যক্তিৰ নাম, ম’বাইল নাম্বাৰ আদি দিবলৈ সক্ষম হোৱা নাই |
তাৰ বিপৰীতে গোৱালপাৰৰ কোনোবা স্বামীম নামৰ ব্যক্তি এগৰাকীৰ লগত দুটাকৈ ক’চিং চেন্টাৰ চলোৱা ভিক্টৰ দাসে তেঁওলোকৰ ক’চিং চেন্টাৰৰ পৰা কোনো ব্যক্তিয়ে চাকৰি পাবলৈ সক্ষম নহ’ব বুলি শংকিত হৈ নিযুক্তি প্ৰক্ৰিয়াৰ বিৰুদ্ধে মিছা বদনাম আনিব পাৰে বুলি মন্ত্ৰী হাজৰিকাই সন্দেহ প্ৰকাশ কৰে |
আনহাতে চৰকাৰৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ প্ৰায়াসেৰে বহু ব্যক্তিয়ে মিছা অভীযোগ আনিবলৈ চেষ্টা কৰিব পাৰে বুলি মন্ত্ৰী হাজৰিকাই উল্লেখ কৰি কয় যে এই ক্ষেত্ৰত চৰকাৰৰ স্থিতি সদায়েই অটল যে নিযুক্তি সম্পূৰ্ণ নিকা পদ্ধতিৰেই হ’ব আৰু কোনো দালালে চাকৰি প্ৰাৰ্থীসকলে পোৱাৰ ক্ষেত্ৰত কোনো ভূমিকা গ্ৰহণ কৰিব নোৱাৰে |
আনহাতে কংগ্ৰেছ নেতৃত্বই আগৰেপৰাই ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিপক্ষে ষড়যন্ত কৰি অহা বুলিও মন্ত্ৰী হাজৰীকাই আজি উল্লেখ কৰে | মন্ত্ৰীগৰাকীয়ে কয়, "প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ ধৃতৰাষ্ট্ৰ ভূমিকা আৰু পুত্ৰস্নেহ তথা পেৰাচ্যুতেৰে লেণ্ডিং কৰা অপৰিপক্ক পুত্ৰ গৌৰৱ গগৈ কুমন্ত্ৰণা আৰু ষড়যন্ত্ৰৰ বলি হৈছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা" |