ডিজিটেল ডেস্কঃ মঙলবাৰে মন্ত্ৰী পিযুষ হাজৰিকাই এক বিশেষ বৈঠকত মিলিত হয়। হাফলঙৰ চাৰ্কিট হাউচৰ ছেমিনাৰ হলত অনুষ্ঠিত হোৱা এই বৈঠকত আইপিএফ(Indigenous People Forum)ৰ বিভিন্ন দাবীৰ বিষয়ে আলোচনা কৰে মন্ত্ৰী হাজৰীকাই। আইপিএফৰ সহযোগত বিভিন্ন উন্নয়নমূলক বিষয়ত এই বৈঠকত আলোচনা কৰে মন্ত্ৰী হাজৰীকাই।
বৈঠকখনত উপস্থিত থাকে মন্ত্ৰী যোগেন মোহন,মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ সৈতে উত্তৰ কাছাৰ পাহাৰ স্বায়ত্তশাসিত পৰিষদৰ চিইএম, জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষক ডেবোলাল গৰ্লোছা।
বৈঠকত অংশ গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অঞ্চলটোৰ উন্নয়নৰ বাবে তেওঁ কাম কৰি যাব। লগতে খিলঞ্জীয়া লোকসকলক একত্ৰিত হ'বলৈ আৰু প্ৰতিবাদ ,ধৰ্মঘট বাদ দি জিলাখনৰ উন্নয়নৰ বাবে কাম কৰিবলৈ আহ্বান জনায়।