হৰ ঘৰ ত্ৰিৰঙ্গা কাৰ্যসূচীৰ সংগতি ৰাখি নগাঁৱত পিযুষ হাজৰিকাৰ বৈঠক…

হৰ ঘৰ ত্ৰিৰঙ্গা কাৰ্যসূচীৰ সংগতি ৰাখি নগাঁৱত পিযুষ হাজৰিকাৰ বৈঠক…

author-image
asomiyapratidin
New Update
হৰ ঘৰ ত্ৰিৰঙ্গা কাৰ্যসূচীৰ সংগতি ৰাখি নগাঁৱত পিযুষ হাজৰিকাৰ বৈঠক…

ডিজিটেল ডেস্ক: ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ৩ দিনীয়া কাৰ্যসূচীৰে এইবাৰ অনুষ্ঠিত হব স্বাধীনতা দিৱস।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানমৰ্মে তথা আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ৰাষ্ট্ৰ জুৰি আয়োজিত হ'বলগীয়া হৰ ঘৰ ত্ৰিৰঙ্গা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি বুধবাৰে উপস্থিত হয় মন্ত্ৰী পিযুষ হাজৰিকা।

Advertisment

নগাওঁ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত বিধায়কত্ৰয় ক্ৰমে ৰূপক শৰ্মা ডাঙৰীয়া, জিতু গোস্বামী ডাঙৰীয়া, শশীকান্ত দাস ডাঙৰীয়া, নগৰ সমিতিৰ সন্মানীয় অধ্যক্ষ সকল, জিলাৰ অন্তৰ্গত বিভিন্ন সংগঠনৰ নেতৃত্ব সহিতে জিলা উপায়ুক্ত আৰু শীৰ্ষ বিষয়া সকলৰ সৈতে এখনি বৈঠকত মিলিত হয় মন্ত্ৰী গৰাকী।

বৈঠকত হৰ_ঘৰ_ত্ৰিৰঙ্গা কাৰ্যসূচীৰ সামগ্ৰিক প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰাৰ লগতে এই কাৰ্যসূচী সৰ্বতোপ্ৰকাৰে সফল কৰিবলৈ আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে।

আৰু পঢ়ক: কাজলগাঁৱত এবছু আৰু বড়ো সাহিত্য সভাৰ উদ্যোগত সজাগতামূলক সভা…

nagaon independence day assam pijus hazarika