/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/81539f0a-3f9e-46f7-ab4a-25dd6b275ad8/cotton.jpg)
pijus hazarika
ডিজিটেল ডেস্ক: অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বুধবাৰে কটন বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত অংশ গ্ৰহণ কৰে। কটন বিশ্ব বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যােগত বিশ্ববিদ্যালয়ৰ শিক্ষক-ছাত্ৰ সমাজৰ দ্বাৰা পৰিৱেশন কৰা "সীতা হৰণ বালী বধ" ভাওনা প্ৰদৰ্শনীৰ আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী গৰাকী ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/8edcbc40-64e7-4edd-8aa9-545e9461368d/asomiyapratidin_2022_09_9cc1f80f_a592_4ba6_a44c_11f25d22ef77_WhatsApp_Image_2022_09_14_at_8_46_00_PM.avif)
গুৰু দুজনাই সৃষ্টি কৰা পুৰাতনীয়া ভাওনা সংস্কৃতিৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শনেৰে কটনিয়ানে হাতত লোৱা এই পদক্ষেপৰ শলাগ লয়। লগতে নতুন প্ৰজন্মৰ এই আগ্ৰহ, আন্তৰিকতা আৰু উদ্যম দেখি মন্ত্ৰী গৰাকীয়ে আনন্দিত হোৱা বুলি কয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/024fdb27-49cc-4885-bcc1-de8af8441ed6/asomiyapratidin_2022_09_0a6fd8ea_4031_4688_afb1_35c9dc4fdfb6_WhatsApp_Image_2022_09_14_at_8_46_01_PM.avif)
মন্ত্ৰী হাজৰীকাই কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজক ভৱিষ্যতে নিজৰ অঞ্চলসমূহৰ প্ৰতি দায়বদ্ধতাৰে কাম কৰিবলৈ আহ্বান জনায়।
শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি উপলক্ষে আজি কটন বিশ্ববিদ্যালয়ত "সীতা হৰণ বালী বধ" ভাওনা প্ৰদৰ্শন কৰা হয়। তদুপৰি মাধৱদেৱৰ তিথিৰ সংগতি ৰাখি দিনৰ ভাগতো বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰে ছাত্ৰ ছাত্ৰী তথা শিক্ষক সকলে।
উল্লেখ্য যে, সুদীৰ্ঘ কালৰ অন্তত কটন বিশ্ব বিদ্যালয়ত ভাওনা প্ৰদৰ্শন হোৱা দেখা যায়। এই পদক্ষেপে নতুন প্ৰজন্মৰ মাজত শংকৰদেৱ সৃষ্ট ভাওনাই যে জাতীয় ঐতিহ্য আৰু লোক সংস্কৃতিৰ বাবে আশাৰ ৰেঙণি আনিছে তাৰেই প্ৰমাণ দিছে।