/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/ded0d193-ef4a-4917-824a-f16828448556/pijus_s.jpg)
pijus hazarika
ডিজিটেল ডেস্ক: অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই মঙলবাৰে দৰং জিলাত এক অনুষ্ঠানত অংশ গ্ৰহণ কৰে। ৰাজ্য চৰকাৰৰ ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ অধীনত এককালীন আৰ্থিক সাহায্য প্ৰদানৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে |
ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত আজি সমগ্ৰ অসমতে ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ অধীনত এককালীন আৰ্থিক সাহায্য প্ৰদান কাৰ্যসূচী গ্ৰহণ কৰা হৈছে | মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শোণিতপুৰ জিলাত কেন্দ্ৰীয়ভাৱে সাহায্য প্ৰদান কাৰ্যসূচী আৰম্ভ কৰাৰ বিপৰীতে মন্ত্ৰী পীযুষ হাজৰীকাই দৰং জিলাত এই কাৰ্যসূচী আৰম্ভ কৰি জিলাখনৰ কেইবাগৰাকীও হিতাধিকাৰীক আনুষ্ঠানিকভাৱে অনুমোদন পত্ৰ প্ৰদান কৰে |
উল্লেখযোগ্য যে ২০১৯ চনৰ ১ এপ্ৰিল অথবা তাৰ পাছত পতিৰ মৃত্যু হোৱা ১৮ ৰপৰা ৪৫ বছৰ বয়সৰ ৰাজ্যখনৰ প্ৰায় ১২০০০ মহিলাৰ ভিতৰত দৰং জিলাৰো ১৭৩ গৰাকী হিতাধিকাৰীক আজি ২৫০০০ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হয় | এই উপলক্ষে মঙ্গলদৈৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে সকলো হিতাধিকাৰীকে গভীৰ সমবেদনা জ্ঞাপন কৰে |
মন্ত্ৰীগৰাকীয়ে কয় যে এই স্বামীহাৰা মহিলাসকলৰ জীৱনৰ দুখক কোনোমতেই আঁতৰ কৰিবলৈ সক্ষম নহলেও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে তেঁওলোকৰ দুখৰ সমভাগী হোৱাৰ লগতে বিপদৰ সময়ত ওচৰত থিয় হোৱাৰ প্ৰয়াস কৰিছে |
আগতে ৰাজ্য চৰকৰৰ অধীনত সাৰ্বজনীন কোনো বিধৱা পেঞ্চন অথবা সাৰ্বজনীন বৃদ্ধ পেঞ্চনৰ ব্যৱস্থা নাছিল বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে প্ৰায় চাৰি বছৰমানৰ আগতে ৰাজ্য চৰকাৰে ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আৰু শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ আৰম্ভ কৰিছিল |
আনহাতে আজিৰ অনুষ্ঠানতে মন্ত্ৰী হাজৰীকাই সম্পূৰ্ণ মেধাৰ ভিত্তিত ৰাজ্য চৰকাৰৰ চাকৰি লাভ কৰা বিষয়ত মন্তব্য প্ৰদান কৰে | মন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ অসম আৰক্ষীত নিযুক্তিৰ ক্ষেত্ৰত সম্পূৰ্ণ নিকা প্ৰক্ৰিয়াৰে বাচনি হোৱা প্ৰসংগত মন্তব্য কৰে যে বৰ্তমানৰ চৰকাৰৰ দিনত সম্পূৰ্ণ মেধাৰ ভিত্তিত যোগ্য জনেহে চাকৰি লাভ কৰিবলৈ সক্ষম হ’ব |
একেটা সময়তে অসম চৰকাৰৰ এখন অন্যতম সফল আঁচনি, অৰুণোদয়ৰ জড়িয়তে ৰাজ্যখনৰ দুখীয়া ৰাইজক সকাহ দিয়াৰ প্ৰয়াস কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে দুখীয়া নামৰ শব্দটো ৰাজ্যখনৰ পৰ নোহোৱা কৰিবলৈ চৰকাৰখন প্ৰতিশ্ৰুতিবদ্ধ | অনাগত সময়ত প্ৰায় ৩২ লাখ মানুহক সামৰি ২৫০০ টকাকৈ অৰুণোদয় আঁচনিৰ অধীনত সাহায্য প্ৰদান কৰাৰ ৰাজ্য চৰকাৰৰ সপোন এটাৰ কথাও মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে |
একেটা সময়তে চৰকাৰৰ উদ্যোগত বিগত বৰ্ষত কুইণ্টলে প্ৰতি ১৯৪০ টকা দৰৰ উচিত মূল্যত থলুৱা কৃষকৰ পৰা প্ৰায় ৫ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰি কৃষকসকলক সকাহ দিয়া বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে ৰাজ্যখনৰ কৃষকসকলৰ মাজত এই বিষয়ে আৰু অধিক প্ৰচাৰ কৰি অনাগত সময়ত উচিত মূল্যত ১০ লাখ মেট্ৰিক টন পৰ্যন্ত ধান ক্ৰয় কৰাৰ প্ৰয়াস কৰা হ’ব |
বিগত বাৰিষাত দৰং জিলাৰ বিভিন্ন স্থানকে ধৰি ৰাজ্যখনৰ বহুকেইটা অঞ্চলত বানপানীৰ প্ৰকোপ বৃদ্ধি হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই আজিৰ ভাষণ প্ৰসংগত উল্লেখ কৰে যে ৰাজ্য চৰকৰে দৰং জিলাক বানমুক্ত কৰিবৰ বাবে সম্ভৱপৰ সকলোখিনি কৰিবলৈ প্ৰয়াস কৰিব |
দৰং জিলাৰ পৰা বঙাইগাঁও পৰ্যন্ত, নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ লগতে বৰাক উপত্যকাত অনাগত সময়ত বানপানী ৰোধৰ বাবে ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে | আনহাতে দৰং জিলাক ক্ষতিগ্ৰস্ত কৰা নদী কেইখনৰ মথাউৰিত সুবিধাজনক স্থানত শ্লুইছ গেট নিৰ্মাণৰ বাবেও ব্যৱস্থা লোৱা হ’ব বুলি তেঁও উল্লেখ কৰে |
আজিৰ ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ অধীনত এককালীন আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, বিধায়কত্ৰয় ড০ পৰমানন্দ ৰাজবংশী, বসন্ত দাস আৰু মজিবোৰ ৰহমান আৰু অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসেও বক্তব্য ৰাখে |